ISHAN NEWS – Always One Step Ahead of Time…

হাৰিয়ানাত হেটট্ৰিকৰ দিশে বিজেপি, তিনিমাহৰ ভিতৰত দ্বিতীয়টো আঘাতৰ দিশে বিনেশ

0 322

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে পুৱাৰে পৰা হাৰিয়ানাৰ লগতে জম্মু-কাশ্মীৰত আৰম্ভ হ’ল বিধানসভা নিৰ্বাচনৰ ভোটগণনা । হাৰিয়ানাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হল ভোটগণনা । ৬৮ শতাংশ ভোটগ্ৰহণৰে ৯০ খন বিধানসভা আসনৰ বাবে ৫ অক্টোবৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।
বিগত দহটাকৈ বছৰ বিজেপিৰ শাসনত থকা ৰাজ্যখনত দলটোৱে যেন হেট্ৰিকৰ দিশে আগবাঢ়িছে । এই মুহূৰ্তলৈকে সম্পন্ন হোৱা ভোটগণনা অনুসৰি ৯০ খন আসনৰ ৪৫ খনতেই আগবাঢ়ি আছে গেৰুৱা দলটো ।

উল্লেখ্য যে হাৰিয়ানাৰ এই যুঁজত অৱতীৰ্ণ হোৱা মূখ্য দল বিজেপি আৰু কংগ্ৰেছ দুয়ো দলে ৮৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ভি আই পি প্ৰাৰ্থীৰ তালিকাত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনী (বিজেপি), প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদা (কংগ্ৰেছ), অনিল বিজ (বিজেপি), ওম প্ৰকাশ ধনকাৰ (বিজেপি), বিনেশ ফোগাট (কংগ্ৰেছ), অধিনায়ক অভিমন্যু (বিজেপি), ভৱ্য বিষ্ণোই (বিজেপি), আৰ্তি সিং ৰাও (বিজেপি), গোপাল গোৱাল কাণ্ডা (এইচ এল পি), শ্ৰুতি চৌধুৰী (বিজেপি), দুষ্যন্ত চৌটালা (জেজেপি), ব্রিজেন্দ্ৰ সিং (কংগ্ৰেছ), অৰবিন্দ কুমাৰ শৰ্মা (বিজেপি), গিয়ান চান্দ গুপ্তা (বিজেপি), চন্দৰ মোহন (কংগ্ৰেছ) আদি ।

ইয়াৰে ভিতৰত দেশবাসীৰ দৃষ্টি নিৱদ্ধ আছিল বিনেশ ফোগাটৰ ওপৰত । কিয়নো অলিম্পিকৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিচত মল্লযুঁজাৰুগৰাকী হঠাৎ হৈ পৰিছিল ৰাজনীতিক । ইয়াৰ পূৰ্বে নিৰ্ধাৰিত জোখতকৈ ওজন বৃদ্ধি পোৱাত পেৰিছ অলিম্পিকৰ পৰাও বাহিৰ হবলগীয়া হৈছিল মল্লযুঁজাৰুগৰাকী । সেই যুদ্ধত একপ্ৰকাৰে পৰাজিত হৈ ৰাজনৈতিক যুঁজত নামি পৰিছিল বিনেশ ফোগাট । কিন্তু হাৰিয়ানাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী যদি বৰ্তমানৰ ভোটগণনাৰ গতিত পিচপৰা থাকে তেন্তে, খুব কম সময়ৰ ভিতৰতে তেওঁৰ বাবে এয়া হ’ব দ্বিতীয়টো আঘাত ।

দেশ বিদেশৰ অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে ।

Leave A Reply

Your email address will not be published.