ISHAN NEWS – Always One Step Ahead of Time…

ভূ গৰ্ভৰ পানী হ্ৰাসৰ ভয়ংকৰ পৰিণতি। সলনি হৈছে পৃথিৱীৰ অক্ষ ৰেখা।

0 74

ভূ গৰ্ভৰ পানী হ্ৰাসৰ ভয়ংকৰ পৰিণতি।
সলনি হৈছে পৃথিৱীৰ অক্ষ ৰেখা।
কমি আহিছে ভূগৰ্ভৰ পানী। সলনি হৈছে পৃথিৱীৰ অক্ষৰেখা । ‘জিঅ’ ফিজিকেল ৰিছাৰ্ছ লেটাৰছ’ নামৰ জাৰ্নেল খনত প্ৰকাশিত গৱেষণামুলক তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে পৃথিৱী বাসীৰ সন্মুখলৈ ।

গৱেষণাপত্র খনত প্ৰকাশিত তথ্য অনুসৰি, ১৯৯৩ চনৰ পৰা ২০১০ চনৰ ভিতৰত ভূ- গৰ্ভৰ পৰা উলিয়াই অনা হৈছে প্রায় ২১৫০ গিগাটন পানী। এক গিগাটন অৰ্থাৎ ১০০ কোটি মেট্ৰিক টন ।
এই অধ্যয়নত প্ৰকাশিত তথ্যমতে ভূ গৰ্ভৰ পৰা কৃষি ভূমি আৰু অন্যান্য কামত ব্যৱহাৰৰ বাবে পানী উলিয়াই অনাৰ ফলত স্থানান্তৰিত হৈছে পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ । প্ৰকাশিত তথ্যমতে, ১৯৯৩ চনৰ পৰা ২০১০ চনৰ ভিতৰত ২১৫০ গিগাটন ভূ-গৰ্ভৰ পানী উলিয়াই অনা হৈছে। ভূ বিজ্ঞানীৰ দাবী ভূ গৰ্ভৰ পৰা পানী উলিয়াই অনাৰ ফলত পৃথিৱীৰ অক্ষৰেখা প্রতি বছৰে পুব দিশে ৪.৩৬ ছেণ্টিমিটাৰকৈ গতি কৰিছে ।

বিশ্বৰ কেইবাখনো দেশৰ কেইবাগৰাকীও বিজ্ঞানীৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। বিজ্ঞানী দলটোৰ মতে ভূ গৰ্ভৰ পৰা বৃহৎ হাৰত পানী উলিওৱাৰ ফলতেই বৃদ্ধি পাইছে সাগৰৰ জলপৃষ্ঠ। পৃথিৱীৰ অক্ষ ৰেখাৰ বিচ্যুতিৰ ফলত মানৱ জীৱনত কেনেধৰণৰ প্ৰভাব পৰিব সেয়া এতিয়াই কোৱাটো সম্ভৱ নহয়।
পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে দক্ষিণ মেৰুপৰ্যন্ত বিস্তৃত হৈ আছে এডাল কাল্পনিক অক্ষৰেখা এই অক্ষৰেখাৰ চাৰিওফালেই ঘূৰি আছে আমাৰ পৃথিৱীখন ।পৃথিৱীৰ পৃষ্ঠ আৰু আভ্যন্তৰীণ অংশৰ ভৰৰ বিতৰণৰ পৰিৱৰ্তনৰ ফলত মেৰু আৰু অক্ষ ৰেখাৰ অৱস্থান স্বাভাৱিক ভাবেই সলনি হয়। এই পৰিঘটনাক মেৰুগতি বুলি কোৱা হয়।আন আন কাৰণৰ লগতে পৃথিৱীৰ পানীৰ ভৰৰ পৰিৱৰ্তন হলেও সলনি হয় অক্ষ ৰেখাৰ অৱস্থান ।


এই গৱেষণাৰ মুখ্য বিজ্ঞানী কি – ওন – সি য়ে জানিবলৈ দিয়ামতে পৃথিৱীৰ অক্ষৰেখাৰ সালসলনিৰ ১৭ বছৰৰ তথ্য কম্পিউটাৰত এটা বিশেষ পদ্ধতিৰ জৰিয়তে বিশ্লেষণ কৰি পৃথিৱীৰ অক্ষৰেখাত কোনবোৰ কাৰকে বিশেষভাৱে প্রভাৱ পেলায় সেইটো বুজিবলৈ চেষ্টা কৰিছিল ।

Leave A Reply

Your email address will not be published.