ISHAN NEWS – Always One Step Ahead of Time…

প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা, চম্পাই ছোৰেনে ৰক্ষা কৰিব পাৰিবনে নিজৰ ভেটি ?

0 213

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা । ‘কোলহান টাইগাৰ’ হিচাপে পৰিচিত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ চম্পাই ছোৰেন(Champai Soren)ৰ ওপৰত নিবদ্ধ হৈছে দৃষ্টি ।  ২০০৫ চনৰ পৰা জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে দখল কৰি অহা ছেৰাইকেলাৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰা চম্পাই ছোৰেনে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী গণেশ মাহালীৰ বিৰুদ্ধে কঠোৰ যুঁজৰ সন্মুখীন হ’বলগীয়া হৈছে ।

উল্লেখ্য যে ২০২৪ চনৰ জানুৱাৰীত ভূমি দখলৰ অভিযোগত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হৈছিল । তাৰ পিছতে চম্পাই ছোৰেন ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ চকীত বহিছিল আৰু পাঁচ মাহ ধৰি ৰাজ্যখন পৰিচালনা কৰিছিল । কিন্তু তেওঁৰ এই চমু কাৰ্যকালত জে এম এমৰ সৈতে সম্পৰ্কত বেয়া হ’বলৈ আৰম্ভ কৰে ।

পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন কাৰাগাৰৰ পৰা ওলাই অহাৰ লগেলগে মুখ্যমন্ত্ৰীৰ চকী এৰিবলগীয়া হৈছিল চম্পাই ছোৰেনে । ইয়াৰ পিছতে অপমানবোধ কৰি জে এম এম ত্যাগ কৰিছিল দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে । জে এম এম দলটো আদৰ্শৰ পৰা বিচ্যুত হোৱাৰ অভিযোগো উত্থাপন কৰিছিল প্ৰবীণ নেতাগৰাকীয়ে । তাৰ পিছতে বিজেপিত যোগদান কৰিছেল চম্পাই ছোৰেনে ।

২০০৫ চনত ঝাৰখণ্ডত অনুষ্ঠিত হোৱা প্ৰথম বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা জে এমমৰ হৈ একেৰাহে চাৰিবাৰ বিধায়ক হৈছিল চম্পাই ছোৰেন । কিন্তু এইবাৰৰ নির্বাচনে প্রত্যাহ্বানৰ সৃষ্টি কৰিছে চম্পাই ছোৰেনৰ ক্ষেত্ৰত ।  কিয়নো তেওঁ প্রথমবাৰৰ বাবে বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ আজি ঘোষিত হ’বলগীয়া চেৰাইকেলাৰ ফলাফলে ছোৰেনৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব । তদুপৰি দীৰ্ঘদিনে তেওঁৰ প্ৰতি ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ থকা শ্ৰদ্ধা-ভক্তি, মৰমৰ সংকেত দিয়াৰ সম্ভাৱনা আছে ।

Leave A Reply

Your email address will not be published.