ISHAN NEWS – Always One Step Ahead of Time…

কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা-বাণীকান্ত কাকতি বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

0 252

গুৱাহাটী, ১১ ডিচেম্বৰঃ মেধাৱীসম্পন্ন শিক্ষাৰ্থীক কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বুধবাৰে সৰুসজাইত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত কৃতিত্ব অৰ্জন কৰা মেধাবী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উক্ত অনুষ্ঠানতে ৭,৮৬০ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধীনত ড০ বাণীকান্ত কাকতি বঁটা (Bani Kanta Kakati Merit Award) । কামৰুপ গ্ৰাম্য ,কামৰুপ মহানগৰ আৰু যোৰহাট জিলাৰ শিক্ষাৰ্থীক প্ৰদান কৰা হয় স্কুটি, চাইকেল আৰু নগদ ধনৰ পুৰস্কাৰ । ইয়াৰোপৰি ৩২,৭৭১ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ল চাইকেল ।  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা ৪,৫৫০,৯৫ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ল আনন্দৰাম বৰুৱা বঁটাৰ অধীনত নগদ ধনৰ পুৰস্কাৰ (Anundoram Borooah Award)।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু । আনহাতে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ।বঁটা গ্ৰহণ কৰি উতফুল্লিত হৈ পৰে মেধাৱী শিক্ষাৰ্থীসকল।

এনে পদক্ষেপে অনাগত সময়ত শিক্ষাৰ্থীসকলক অধিক ভাল ফলাফল দেখুৱাবলৈ অনু্প্ৰাণিত কৰিব বুলি মন্তব্য কৰে বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীসকলে।   

Leave A Reply

Your email address will not be published.