ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হ’ল গোকেশ ডোম্মাৰাজু

0 91

স্পৰ্টছ ডেস্ক, ১৩ ডিচেম্বৰঃ  ভাৰতবৰ্ষৰ বাবে এক সুখবৰ । স্নায়ুযুদ্ধত চীনৰ ডিং লেৰেনক পৰাস্ত কৰি বিশ্বৰ দবাত উজলিল ভাৰতৰ সন্তান তথা ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ গ্ৰেণ্ড মাষ্টাৰ গোকেশ ডোম্মাৰাজু । গুকেশে এক সাক্ষাৎকাৰত কৈছিল- “মই কমবয়সীয়া খেলুৱৈৰূপে চেম্পিয়নৰ খিতাপ অৰ্জন বিচাৰো ।” সেই সপোন দিঠকত পৰিণত কৰি দেখুৱাৱালে চেন্নাইৰ গ্ৰেণ্ডমাষ্টাৰ গোকেশ ডোম্মাৰাজুৱে ।

ছিংগাপুৰত অনুষ্ঠিত হৈছিল এই স্নায়ুযুদ্ধৰ চেম্পিয়নশ্বীপ । চীনৰ ডিং লেৰেনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল গুকেশে । অৱশেষত অন্তিমটো ৰাউণ্ডত ৭.৫ পইন্টৰে চীনৰ প্ৰতিদ্বন্দ্বী ডিং লেৰেনক পৰাজিত কৰে গ্ৰেণ্ডমাষ্টাৰ গুকেশে । তৃতীয় ৰাউণ্ডত গুকেশ আৰু লেৰেনৰ পইন্ট আছিল ৬.৫ । তথাপিও যেন হাৰমনা নাছিল গ্ৰেণ্ডমাষ্টাৰে । আত্মবিশ্বাস আৰু বিশ্বনাথনে দেখুৱাই যোৱা আদৰ্শ আগত লৈ বাৰম্বাৰ যুজিঁ গৈছিল গুকেশে । অৱশেষত বিপৰীত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি বিশ্বৰ দবা চেম্পিয়ন হিচাপে খিতাপ অৰ্জন কৰি ইতিহাস ৰচিলে গুকেশে ।

গুকেশৰ এই সফলতাই বিশ্বৰ দবা চেম্পিয়নত দেখুৱাইছে এতিয়া এক নতুন আদৰ্শ । আত্মবিশ্বাস আৰু দৃঢ়তা থাকিলে সকলো কামে যে সম্ভৱ তাৰে উদাহৰণ দাঙি ধৰিলে গ্ৰেণ্ডমাষ্টাৰ গুকেশে । ১৮ বছৰতে বিশ্বৰ দবা চেম্পিয়নশ্বীপত খিতাপ অৰ্জন কৰি গৌৰৱাম্বিত কৰিলে ভাৰতক । গুকেশৰ এই ঐতিহাসিক সাফল্যৰ বাবে শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁ কয়, এই সাফল্যৰ বাবে গুকেশৰ নাম চিৰদিনৰ বাবে লিপিবদ্ধ ৰ’ব দবা ইতিহাসত । গুকেশে এই সফলতা অৰ্জন কৰি লাখ লাখ যুৱক-যুৱতীক সপোন দেখাৰ বাবে উৎসাহিত কৰিছে ।            

Leave A Reply

Your email address will not be published.