ISHAN NEWS – Always One Step Ahead of Time…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব অজিত পাৱাৰ!

0 61

এইকেইটা দিনত মুহুৰ্তে মুহুৰ্তে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ছবি। ৰাজনৈতিক নেতাৰ মাজত চলিছে তীব্ৰ বাকযুদ্ধ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী একানাথ সিন্দেক লৈ বিভিন্ন দাবী উত্থাপন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহানৰ দাবী পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ স্থানত অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব ।

NCP দল দুটা ভাগত বিভক্ত হোৱাৰ পাছতেই উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ছবি। NCP দলত সৃষ্টি হোৱা বিদ্ৰোহে NCP ৰ সহযোগী দল কংগ্ৰেছকো চিন্তিত কৰি তুলিছে । শাৰদ পাৱাৰে দলৰ নেতৃত্ব দিয়াত কৰবাত ব্যৰ্থ হৈছে বাবেই NCP ত বিবাদ হৈছে বুলি কয়, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।লগতে কয় যে, মাটিৰ পৰা যি সকলক তুলি আনি শ্বাৰদ পাৱাৰে ডাঙৰ নেতা কৰিলে সেইসকলে আজি শ্বাৰদ পাৱাৰৰ বিৰুদ্ধে যিধৰণৰ বাক্যবাণ প্ৰয়োগ কৰিছে সেয়া অতিকৈ দুখজনক।

শ্বাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে যে দলৰ ভিতৰত এনেদৰে বিদ্ৰোহ কৰিব সেইকথা আগতীয়াকৈ অনুমান কৰিব পৰা নাছিল শ্বাৰদ পাৱাৰে । অজিত পাৱাৰক মহাৰাষ্ট্রৰ শাসকীয় দলৰ চৰকাৰত এনেদৰে স্থান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দিল্লীয়ে । দিল্লীৰ নিৰ্দেশতেই মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিবৰ্তন ঘটিছে বুলি উল্লেখ কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানে ।

Leave A Reply

Your email address will not be published.