এসপ্তাহৰ বাবে স্থগিত অমৰনাথ যাত্রা । ISHAN NEWS…
হঠাৎ প্রশাসনে অমৰনাথ যাত্রা স্থগিত ৰখাত বিপদত পৰিছে অমৰনাথ যাত্রাৰ বাবে যোৱা তীৰ্থযাত্রী । অমৰনাথ দৰ্শনৰ বাবে যোৱা ৭ হাজাৰতকৈ অধিক তীৰ্থযাত্রী আৱদ্ধ হৈ পৰিছে জম্মু-কাশ্মীৰৰ বালতাল আৰু পহেলগ্ৰামৰ শিবিৰত । প্রশাসনে সদৰী কৰা মতে পহেলগ্ৰাম ৪৬০০ তীৰ্থযাত্রী আৰু বালতাল বেছ কেম্পত ২৪১০ গৰাকী তীৰ্থযাত্রী আৱদ্ধ হৈ আছে । আৱদ্ধ হৈ পৰা তীৰ্থযাত্রীৰ মাজত বহু সংখ্যক পুৰুষ -মহিলাৰ লগতে শিশু আৰু সাধু সন্যাসীও আছে ।
অমৰনাথ যাত্রা আৰম্ভ হোৱাৰ ৬ দিন পাছতেই প্রবল বৃষ্টিপাতৰ বাবে শুকুৰবাৰ অথাৎ ৭ জুলাইৰ পৰা এই যাত্রা স্থগিত ৰাখে প্রশাসনে । তীৰ্থযাত্রী সকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্রতি লক্ষ্যৰাখি অমৰনাথ যাত্রা স্থগিত ৰাখে প্রশাসনে । পুনৰ বতৰ অনুকূল হ’লে অমৰনাথ যাত্রা আৰম্ভ হ’ব বুলি সদৰী কৰিছে প্রশাসনে । প্রশাসনে হঠাৎ অমৰনাথ যাত্রা স্থগিত ৰখাত আশ্ৰয় শিবিৰত আৱদ্ধ হৈ পৰে তীৰ্থযাত্রীসকল ।
জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত বিগত কেইবাদিনো ধৰি আৰম্ভ হৈছে ধৰাসাৰ বৃষ্টিপাত । বৃষ্টিপাতৰ ফলত বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা ।