ISHAN NEWS – Always One Step Ahead of Time…

১৫ আৰু ১৯ মে’ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখন মেচ

২০২৩ বৰ্ষৰ দৰে আই পি এল ২০২৪ ছিজনতো ৰাজস্থান ৰয়েলছৰ দুখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত। ১৫ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন খেল ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ

ভয়ংকৰ আত্মঘাতী আক্ৰমণ; ৫ চীনা অভিযন্তাসহ ৬ জনৰ মৃত্যু

পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ শ্বাংলা অঞ্চলৰ বেছাম চহৰত মঙলবাৰে এক বৃহৎ আত্মঘাতী আক্ৰমণত পাঁচজন চীনা নাগৰিককে ধৰি কমেও ৬জন লোক নিহত হয়। এই কথা নিশ্চিত কৰিছে মালকান্দৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে। উপ-মহাপৰিদৰ্শকগৰাকীয়ে কয় যে এজন আত্মঘাতী

সন্দেহৰ মৰ্মান্তিক পৰিণতি! পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড পাষণ্ডৰ

মহাৰাষ্ট্ৰৰ আহমদনগৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। সোমবাৰে ৰাতিপুৱা আহমদনগৰৰ এখন গাঁৱৰ এজন ৪৫ বছৰীয়া কৃষকে নিজৰ পত্নী আৰু দুই কন্যা সন্তানক জুই লগাই হত্যা কৰাৰ চাঞ্চল্যকৰ খবৰ আহিছে। জানিব পৰা মতে, পাষণ্ড লোকজনে নিজৰ পত্নী আৰু দুই

মুম্বাই ইণ্ডিয়ানছৰ বাবে বেয়া খবৰ; দ্বিতীয়খন মেচৰ পৰাও বাহিৰ এইগৰাকী বিস্ফোৰক বেটছমেন

বুধবাৰে আই পি এল ২০২৪ ছিজনৰ অষ্টমখন মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। হাইভল্টেজ এই মেচখনৰ পূৰ্বে মুম্বাই

ফিফা বিশ্বকাপৰ লক্ষ্য! আজি গুৱাহাটীত সমুখসমৰত নামিব ভাৰত-আফগানিস্তান

হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি গুৱাহাটীত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ। সন্ধিয়া ৭ বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাউণ্ড ২ৰ এই মেচখন। বিশ্বকাপৰ উপৰি এই খেলখন আগন্তুক

বলিউডী ডি জে ৰ তালত হেৰাইছে নেকি আমাৰ সংস্কৃতি…

চাৰিওফালে আৱিৰৰে ৰঙীণ হৈ পৰিছে আকাশ-বতাহ । এই ফাকুৱা বা হোলী উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰককো অন্তনিৰ্হিত কৰে । ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা, কিন্তু একাংশই যেন

আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে আজিৰ সমগ্ৰ আকাশ…

আজি ৰঙৰ উৎসৱ ফাকুৱা । আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে সমগ্ৰ আকাশ-বতাহ। হোলী বা ফাকুৱা উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে ইয়াৰ সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰক অন্তনিৰ্হিত হৈ থাকে । হোলীয়ে মানুহৰ মাজত সমন্বয়

ভাইৰেল। বিয়াৰ নিমন্ত্ৰণী পত্ৰত নৰেন্দ্ৰ মোদীৰ ফটো।

এখন বিশেষ বিয়াৰ চিঠিক লৈ সামাজিক মাধ্যমত তুমুল চৰ্চা। চিঠিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আমি কাৰোবাৰ বিয়াত গ’লে যিকোনো উপহাৰ লৈ যাও। কিন্তু এই ব্যক্তিজনে চিঠিত লিখি দিছে যে তেওঁ কি উপহাৰ দিব। সামাজিক মাধ্যমত ভাইৰেল হোৱা বিয়াৰ

আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। কি কৰিব, কি নকৰিব? আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব

হোলীৰ দিনাই অৰ্থাত্ আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। ১০০ বছৰৰ মূৰত এনে বিৰল চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ববাসী। এই চন্দ্ৰগ্ৰহণ ২৫ মাৰ্চৰ পুৱা ১০:২৪ বজাত আৰম্ভ হ'ব আৰু আবেলি ৩:০২ বজাত সমাপ্ত হ'ব। অৰ্থাত্ ৪ ঘণ্টা ৩৬ মিনিট ধৰি চন্দ্ৰগ্ৰহণ

মন্দিৰত চলি আছিল ভস্ম আৰতি। আৰতিৰ মাজতে গৰ্ভগৃহত জুই। তাৰ পাছত..?

মন্দিৰৰ গৰ্ভগৃহত আৰতি চলি থকাৰ মাজতেই অঘটন। ভস্ম আৰতিৰ সময়তে মন্দিৰৰ গৰ্ভগৃহত অগ্নিকাণ্ড। এই ঘটনাত মুখ্য পূজাৰীসহ ১৩ গৰাকী লোক অগ্নিদগ্ধ হয়। হোলীৰ আনন্দৰ মাজতেই মধ্যপ্ৰদেশৰ মহাকাল মন্দিৰত সোমবাৰে পুৱাই সংঘটিত হয় এই ঘটনা। হোলীৰ দিনা