ISHAN NEWS – Always One Step Ahead of Time…

অসম কন্যা অস্মিতা চলিহাৰ চমক; থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ। ISHAN…

থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্ণামেণ্টৰ মহিলাৰ ছিংগলছত অসম কন্যা অস্মিতা চলিহাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে প্ৰতিযগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতাই ইণ্ডোনেছিয়াৰ ইষ্টাৰ নুৰুমি ৱাৰ্ডোয়োক পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰে।

ৰাজনীতিত প্ৰৱেশ আৰু এগৰাকী অভিনেতাৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিলে দল

দেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল আৰু এগৰাকী অভিনেতাৰ। শুকুৰবাৰে দাক্ষিণাত্য চিনেমাৰ জনপ্ৰিয় অভিনেতা বিজয়ে ঘোষণা কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম। অভিনেতাগৰাকীয়ে দলটোৰ নাম দিছে ‘তামিলাগা ভেত্ৰী কাঝগম’। ভাৰতীয় ৰাজনীতিত ভূমিষ্ঠ হোৱা এই ৰাজনৈতিক

মতানৈক্যৰ পৰিণতি! মালদ্বীপত হ্ৰাস ভাৰতীয় পৰ্যটকৰ সংখ্যা। ISHAN NEWS

ভাৰতৰ সৈতে মতানৈক্য তীব্ৰতৰ হোৱাৰ লগে লগে মালদ্বীপৰ পৰ্যটন শিল্পলৈ নামি আহিছে সংকট। উল্লেখনীয় যে প্ৰতিবছৰে ভাৰতৰ পৰা অধিকসংখ্যক পৰ্যটকে যাত্ৰা কৰে মালদ্বীপলৈ। যোৱা বছৰলৈকে পৰ্যটকৰ সংখ্যাৰে ভাৰত আছিল প্ৰথম স্থানত। কিন্তু চলিত বৰ্ষৰ

মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে; বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত হায়দৰাবাদলৈ প্ৰেৰণ ৪৩ বিধায়কক 

ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে। শুকুৰবাৰে দিনৰ প্ৰায় ১২.২০ বজাত ৰাজভৱনত কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। চম্পাই ছোৰেনৰ লগতে কংগ্ৰেছ দলৰ আলমগীৰ আলম আৰু আৰজেডিৰ সত্যানন্দ ভোকতাই কেবিনেট মন্ত্ৰী হিচাপে শপত

Publicity stunt নে আন কিবা? জনপ্ৰিয় মডেল পুনম পাণ্ডেৰ মৃত্যুৰ বাতৰি! সঁচা নে মিছা?

বিতৰ্কৰে জনপ্ৰিয়তা অৰ্জন কৰি ভাল পোৱা অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেৰ মৃত্যু হোৱা নাই। চাৰ্ভাইকেল কেন্সাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছ'চিয়েল মিডিয়াত এক ভিডিঅ’

মুছলিম যুৱকৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! গ্ৰেপ্তাৰ বজৰংগ দলৰ জিলা অধ্যক্ষসহ ৪ সদস্য!

সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ অপচেষ্টা চলাই আটক হল বজৰংগ দলৰ জিলা অধ্যক্ষসহ ৪ সদস্য। অভিযুক্ত ৪ জনে মুছলিম যুৱকৰ বিৰুদ্ধে ৰচিছিল ভয়ংকৰ ষড়যন্ত্ৰ। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। নিজে গো-হত্যা কৰি মুছলিম যুৱকৰ ওপৰত অপৰাধ জাপি দিয়া

ইথিওপিয়াত তীব্ৰ খাদ্য সংকট! ছয় মাহত ৩৭২ জন লোকৰ মৃত্যু

ইথিওপিয়াৰ উত্তৰ দিশে অৱস্থিত দুটা অঞ্চলত ৩৭২ জন লোকৰ ভোকত মৃত্যু হৈছে। টিগ্ৰেত ৩৫১ জন আৰু আমহাৰা অঞ্চলত ২১ জন লোকৰ মৃত্যু হৈছে। তীব্ৰ খৰাঙৰ বাবেই অঞ্চলটোত খাদ্য সংকটে দেখা দিয়া বুলি জানিব পৰা গৈছে। জনসাধাৰণৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে

বকোত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু; চাৰিজন লোকক গ্ৰেপ্তাৰ

বকোৰ হাহিম গোলাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ দলে। বনৰীয়া হাতীটোক হত্যা কৰাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা লোক কেইজনক হৰবিলাস ৰাভা, অভিজিৎ ৰাভা, প্ৰাণেশ্বৰ ৰাভা

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ২১ গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু

অশান্তজৰ্জৰ বেলুচিস্তানত সোমবাৰৰ নিশাৰ পৰা নিৰাপত্তাৰক্ষীৰ বৃহৎ দল এটাই চলোৱা সন্ত্ৰাসবাদী বিৰোধী অভিযানত এটা নিষিদ্ধ ঘোষিত সংগঠনৰ কমেও ২১ গৰাকী উগ্ৰপন্থী নিহত হৈছে। বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জনায়।