ISHAN NEWS – Always One Step Ahead of Time…

মীৰা মাঝীৰ ঘৰত চাহৰ জুতি প্ৰধানমন্ত্ৰী মোদীৰ  

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে আজি অৰ্থাৎ শনিবাৰে অযোধ্যাত উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যা ভ্ৰমণসূচীৰ মাজতে দলিত মহিলা মীৰা মাঝীক সাক্ষাৎ কৰি ঘৰত তপতোৱা চাহৰ জুতি লয়।

ৰাজপথত বিধায়কৰ দাদাগিৰি! বিজেপি বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ!

ৰাজপথত বিধায়কৰ দেহৰক্ষীৰ দাদাগিৰি! বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷ বিধায়কগৰাকীৰ দেহৰক্ষীয়ে আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাক ৰাজপথত আগচি ভাবুকি দিয়াৰ অভিযোগ উঠিছে।

বিৰাট কোহলী আৰু বাবৰ আজমৰ মাজত শ্ৰেষ্ঠ কোন? আক্ৰামে দিলে উত্তৰ

বিৰাট কোহলী নে বাবৰ আজম? এই দুজন ক্ৰিকেটাৰৰ ভিতৰত শ্ৰেষ্ঠ কোন? বিশ্ব ক্ৰিকেটত সঘনাই উচ্চাৰিত হৈ আহিছে এই প্ৰশ্ন। বিভিন্নজনে বিভিন্ন সময়ত নিজৰ নিজৰ পচন্দৰ ক্ৰিকেটাৰৰ নাম উল্লেখ কৰি অহাৰ সময়তে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰামে

মণিপুৰত পুনৰ হিংসা; বন্দুকধাৰীৰ গুলীত মৃত্যু এগৰাকী গাঁওৰক্ষীৰ

বিগত ৮ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলিছিল সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই। ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ কদাংবন্দত শনিবাৰে পুৱা প্ৰায় ৩.৩০ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই এজন গাঁওৰক্ষীক গুলীয়াই হত্যা কৰে। দুৰ্বৃত্তৰ গুলীত নিহত

পাইলটৰ ভুলৰ ভয়ংকৰ পৰিণতিত ৭২ জনৰ মৃত্যু । কি ভুল কৰিলে পাইলটে ?

২০২৩ বৰ্ষৰ ১৫ জানুৱাৰীত নেপালৰ পোখাৰাত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ।য়েটি এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৭২ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় এবছৰৰ পাছত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ পোহৰলৈ আহিছে

ভয়ংকৰ পথ দুৰ্ঘটনা; ৭ গৰাকী লোকে হেৰুৱালে প্ৰাণ, অৰ্ধশতাধিকৰো অধিক আহত

তামিলনাডু আৰু মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলাসহ পাঁচগৰাকী লোকৰ মৃত্যু হয়। আনহাতে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মানগাঁও থানা এলেকাত সংঘটিত আন এক দুৰ্ঘটনাত

কেৱল প্ৰধানমন্ত্ৰী মোদীহে ইজৰাইল-গাজাৰ যুদ্ধ বন্ধ কৰিব পাৰিব! প্ৰধানমন্ত্ৰী মোদীৰ সহায় বিচাৰিলে…

এতিয়াও শেষ হোৱা নাই হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ। গাজাৰ ওপৰত চলিযেই আছে ইজৰাইলৰ আক্ৰমণ। মুছলিম দেশসমূহে ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাইছে যদিও ইজৰাইলে হামাছক নিঃশেষ নকৰা পৰ্যন্ত আক্ৰমণ চলাই থাকিব বুলি স্পষ্ট কৰি দিছে। ইজৰাইল

বহুপ্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ; চুক্তিত কি আছে আৰু ইয়াক লৈ কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে?

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত আজি আলফাৰে স্বাক্ষৰিত হ’ল বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব

পাকিস্তানত উদযাপন কৰা নহ’ব নৱবৰ্ষ; কিয় এই সিদ্ধান্ত ল’লে চৰকাৰে?

পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰে বৃহস্পতিবাৰে কৰিছে এক ডাঙৰ ঘোষণা। ইজৰাইলে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই থকা গাজাৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰকাশ কৰি পাকিস্তানত নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা আৰোপ কৰিছে দেশখনে। দেশবাসীক

ঋণৰ বোজা! এটা পৰিয়ালৰ চাৰিজন সদস্যৰ ভয়ংকৰ কাণ্ডত চাঞ্চল্য

অন্ধ্ৰ প্ৰদেশৰ এনাকাপল্লে জিলাত এটা পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে পৰিয়ালটোৰ পঞ্চমগৰাকী সদস্যই জীৱন-মৃত্যুৰে যুঁজি আছে। আৰক্ষীৰ মতে, বৃহস্পতিবাৰে নিশা এজন সোণাৰীয়ে নিজ ঘৰতে