ISHAN NEWS – Always One Step Ahead of Time…

২০২৪ চনৰ নিৰ্বাচনত ভোটদানৰ পূৰ্বে মনত ৰাখক এই কথা, ভোটাৰক কি বিশেষ আহ্বান মোহন ভাগৱতৰ

0 187

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মাজত আছে আৰু মাত্ৰ ৬ মাহ। ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ এতিয়া ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল।

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ভোটাৰসকলক জনাইছে এক বিশেষ আহ্বান। তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰসকলক প্ৰৰোচনাৰ বলি নহ’বলৈ আহ্বান জনাইছে।

নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক বিজয়দশমী উৎসৱ কাৰ্যসূচীত ভাষণ দি মোহন ভাগৱতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৱেগক উচটনি দি ভোট সংগ্ৰহৰ চেষ্টাৰ বিৰুদ্ধে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে।

দেশৰ ঐক্য, অখণ্ডতা, পৰিচয় আৰু উন্নয়নৰ কথা মনত ৰাখি ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে।

ইফালে মণিপুৰত কুকি আৰু মেইতেই জনজাতিৰ মাজত চলা সংঘৰ্ষৰ কথা উল্লেখ কৰি কয় যে দুয়োটা জনজাতি দীৰ্ঘ সময় ধৰি একেলগে বসবাস কৰি আছে। কিন্তু হঠাতে তেওঁলোকৰ মাজত কেনেদৰে সংঘৰ্ষ হ’ল? সংঘৰ্ষৰ ফলত বাহিৰা শক্তি লাভান্বিত হয়। এই কাৰ্যত বাহিৰা শক্তি জড়িত আছিল নেকি?

মণিপুৰ সন্দৰ্ভত মোহন ভাগৱতৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave A Reply

Your email address will not be published.