ISHAN NEWS – Always One Step Ahead of Time…

কেজৰিৱাল চৰকাৰৰ যুগ্ম-অযুগ্ম নীতি সনাতন ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্র : BJP সাংসদ ৰমেশ বিধুৰী

0 148

বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে কৰা এক মন্তব্যই দেশজুৰি ব্যপক চৰ্ছা লাভ কৰিছে । সাংসদ গৰাকীয়ে অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে অভিযোগ উণ্থাপন কৰি কয় যে, BJP য়ে দিল্লীত, সনাতন ধৰ্মৰ বিৰুদ্ধে এক অদ্ভূত নীতি প্ৰৱৰ্তন কৰি ষড়যন্ত্ৰ ৰচনা কৰিছে। আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱালক “নগৰীয়া মাওবাদী” বুলিও অভিহিত কৰে সাংসদ গৰাকীয়ে ।
বিজেপি সাংসদ গৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত কয় যে, আপ চৰকাৰে দিল্লীত পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে গাড়ীৰ অড-ইভেন নীতি প্ৰৱৰ্তন কৰিছে , যাতে এই উৎসৱত কোনেও কাকো লগ ধৰিব নোৱাৰে। কেজৰিৱালে দেশখন ধ্বংস কৰিবলৈ বিদেশী শক্তিৰ সৈতে হাত মিলাইছে। এনে লোকৰ কাৰণে ভাৰতীয় সংস্কৃতি ধ্বংস হৈছে।


উল্লেখ্য যে, দিল্লীত বায়ু প্ৰদূষণ অতি উদ্বেগজনক স্তৰত উপনীত হৈছে। দিল্লীত প্ৰদূষণ ৰোধৰ বাবে দিল্লীত চলি থকা নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিছে দিল্লী চৰকাৰে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে এখন জৰুৰী বৈঠক আহ্বান কৰি , বাহনৰ বাবে অড-ইভেন নীতি ঘোষণা কৰে। লগতে দেৱালীৰ পূৰ্বে এই নিয়ম বলবৎ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে । বিজেপিৰ সাংসদ গৰাকীয়ে দেৱালীৰ আগতে এই নিয়মটো কিয় প্ৰৱৰ্তন কৰা হ’ল বুলি প্রশ্ন উণ্থাপন কৰে। বিধুৰীৰ মতে সনাতন ধৰ্মৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ।
বিধুৰীয়ে কেজৰিৱালক দিল্লীৰ “অড-ইভেন” নীতিক লৈ কেৱল আক্ৰমণ কৰাই নহয়, শব্দব্যৱহাৰৰ ক্ষেত্রত থকা নিষেধাজ্ঞাকো আক্ৰমণ কৰিছিল। কেজৰিৱালৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ কেজৰিৱালে নিজকে ধৰ্মনিৰপেক্ষতাবাদী আৰু বুদ্ধিজীৱী বুলি দাবী কৰা সকলক এনে কৰাৰ পৰিৱৰ্তে প্ৰদূষণ প্ৰতিৰোধৰ সমাধান বিচাৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে , অহা ১৩ নৱেম্বৰৰ পৰা দিল্লীৰ ৰাস্তাত গাড়ীৰ বাবে অড-ইভেন নীতি প্রযোজ্য হ’ব ।

Leave A Reply

Your email address will not be published.