ISHAN NEWS – Always One Step Ahead of Time…

মিজোৰামত ১১ বজালৈ ভোটদানৰ হাৰ ৩১.০৩ শতাংশ আৰু ছত্তিশগড়ত ২২ .৯৭ শতাংশ।

0 170

আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । মিজোৰামৰ ৪০ খন আসনৰ বাবে প্রতিদ্বন্দ্বিতা কৰা ১৭৪ গৰাকী প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮, ৫১,৮৯৫ গৰাকী ভোটাৰে । পুৱা ৭ বজাৰ পৰা মিজোৰামৰ ১২৭৫ টা গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান । পুৱা ১১ বজালৈ মিজোৰামত ভোটদানৰ হাৰ ৩১.০৩শতাংশ । মিজো নেচনেল ফ্ৰণ্টৰ আশা মিজো সকলৰ জাতীয়তাবাদেই মিজো নেচনেল ফ্ৰণ্টক পুনৰ ক্ষমতা লাভ কৰাত ইন্ধন যোগাব । এম এন এফ , কংগ্ৰেছ , জোৰাম পিপোল মুভমেণ্টে ৪০ টা সমষ্টিতে প্রাৰ্থীত্ব আগবঢ়াইছে । আনহাতে বি জে পি , আপ,আৰু নিৰ্দলীয়ই ক্রমে ২৩, ৪ আৰু ২৭ খন আসনৰ বাবে প্রাৰ্থীত্ব আগবঢ়াইছে ।


আজি ছত্তিশগড় বিধানসভাৰ প্রথম পৰ্যায়ৰ নিৰ্বাচনত ২০ খন আসনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত ছত্তিশগড়ৰ নিৰ্বাচনত পুৱা ১১ বজালৈ ভোটদানৰ হাৰ ২২.৯৭ শতাংশ । মাওবাদী অধ্যুষিত কাংকেৰ জিলাত মাওবাদীৰ দ্বাৰা সংঘটিত গ্ৰেণেড বিস্ফোৰণত দুগৰাকী পোলিং এজেণ্ট আৰু বি এচ এফৰ এজন জোৱান আহত হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যখনতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ছত্তিশগড়ত শাসকীয় কংগ্ৰেছ দলে আজি অনুষ্ঠিত ২০ টা সমষ্টিৰ নিৰ্বাচনত ১৯ টাতে জয়লাভ কৰিব বুলি আশা কৰিছে ।

Leave A Reply

Your email address will not be published.