ISHAN NEWS – Always One Step Ahead of Time…

দেশজুৰি চৰ্চাত “লালদুহোমা”।

0 58

উওৰ পূবৰ অন্যতম ৰাজ্য মিজোৰাম বিধান সভাৰ নিৰ্বাচনত জোৰাম পিপ’লছ মুভমেণ্টে (ZPM)৪০ খন আসনৰ ২৭ খন আসন দখল কৰাৰ পাচতেই দেশজুৰি চৰ্ছালৈ আহিছে জোৰাম পিপ’লছ মুভমেণ্টে আৰু দলটোৰ অধক্ষ্য লালদুহোমাৰ নাম । ছাৰ্শ্বিপ সমষ্টিৰ পৰা ZPMৰ প্ৰাৰ্থী হিচাপে লালদুহোমাই জয়লাভ কৰাৰ লগতে চৰকাৰ গঠনৰ ক্ষেত্ৰত জনাদেশ লাভ কৰে লালদুহোমাৰ দল ZPM এ ।

লালডুহোমা কোন ?

কৃষকৰ সন্তান লালডুহোমাৰ জন্ম ১৯৪৯ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত । ১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈ মিজোৰামৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী চি, ছুংগাৰৰ প্ৰধান সহায়ক হিচাপে কাম কৰিছিল লালডুহোমাই ।মুখ্যমন্ত্ৰীৰ প্ৰধান সহায়ক হিচাপে কাৰ্য নিৰ্বাহ কৰি থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিষ্ট্ৰিংচন সহ স্নাতক ডিগ্ৰী লাভ কৰে লালডুহোমাই ৷

IPS বিষয়া লালডুহোমা

১৯৭৭ চনত শ্বিলঙৰ পৰা ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা (IPS) ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত গোৱাত IPS হিচাপে নিযুক্তি লাভ কৰে লালডুহোমাই ।

প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ দায়িত্বত লালডুহোমা

১৯৮২ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ দায়িত্ব অৰ্পন লালডুহোমাক । দিল্লী আৰক্ষীৰ উপ-আয়ুক্ত হিচাপে পদোন্নতি লাভ লালডুহোমাৰ।

এছিয়ান গেমছৰ আয়োজক কমিটিৰ সচিব লালডুহোমা

১৯৮২ চনত ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত এছিয়ান গেমছৰ আয়োজক কমিটিৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ লালডুহোমাৰ ।

পুনৰ মিজোৰামলৈ লালডুহোমা

প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ মৰ্মে ১৯৮৪ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি মিজোৰামলৈ ৰাওনা হয় । 

মিজোৰামৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন মিজো নেচনেল ফ্ৰণ্ট (MNF)ক আলোচনাৰ মজিয়ালৈ আনিবলৈ লালডুহোমাক দায়িত্ব অৰ্পন কৰে ।

লালডেংগাক সাক্ষাৎ কৰিবলৈ লণ্ডনলৈ  লালডুহোমা

প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিয়া দায়িত্ব মৰ্মে MNFৰ মূৰব্বী লালডেংগাক সাক্ষাৎ কৰিবলৈ লণ্ডনলৈ যায় লালডুহোমা ।লণ্ডনত লালডেংগাক সাক্ষাৎ কৰি লালডুহোমাই বিদ্ৰোহী নেতাজনৰ পৰা লৈ আহে,এক ৰেকৰ্ডেড বাৰ্তা ৷ লালডেংগাৰ সেই বাৰ্তাই ১৯৮৪ৰ মিজোৰাম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ত সহায়ক হৈ পৰে ৷

লুংলেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা লালডুহোমাৰ

১৯৮৪ চনৰ বিধানসভাৰ নিৰ্বাচনত লালডুহোমাই লুংলেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰি পৰাজিত হয় ৷

মিজোৰাম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি

নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে লালডুহোমাক মিজোৰাম ৰাজ্যিক কংগ্ৰেছৰ উপসভাপতি পদত নিযুক্তি।ইন্দিৰা গান্ধীৰ অনুৰোধত ৰাজ্যপাল এইছ এছ ডুবেয়ে লালডুহোমাক দিয়ে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা । ১৯৮৪ৰ ৩১ মে’ত লালডুহোমাক মিজোৰাম কংগ্ৰেছৰ সভাপতি পদৰ দায়িত্ব অৰ্পণ ৷

মিজোৰাম সমষ্টিৰ সাংসদ

১৯৮৪ৰ ডিছেম্বৰত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত লালডুহোমা মিজোৰাম সমষ্টিৰ পৰা জয় লাভ কৰে ৷MNFৰে আলোচনাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে ১৯৮৬ চনত লালডুহোমাই কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ কৰে ৷কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে সাংসদ পদো এৰিব লগীয়া হয় লালডুহোমাই ।

মিজো নেচনেল ইউনিয়ন গঠন

১৯৮৬চনত লালডুহোমাই মিজো নেচনেল ইউনিয়ন (MNU) গঠন কৰে ।

ৰাজনৈতিক দল MNF গঠন

মিজোৰাম শান্তি চুক্তিৰ পাছতেই MNF ৰাজনৈতিক দললৈ ৰূপান্তৰিত হয় আৰু চৰকাৰৰ গঠন কৰে ৷ লালডুহোমাই MNFত যোগ কৰি উপদেষ্টাৰ পদবী গ্ৰহণ কৰে ৷ কিন্তু কেইদিনমানৰ  নাথাকিল পাছতে লালডুহোমাই নিজৰ সমৰ্থনক লৈ গঠন কৰে MNF (Nationalist) ৷ MNF(N)ক ১৯৯৭চনত জোৰাম নেচনেলিষ্ট পাৰ্টী (ZNP) নামেৰে নামকৰণ কৰা হয়

মিজোৰাম বিধানসভালৈ নিৰ্বাচিত

ZNPৰ হৈ  ২০০৩ চনত  ৰাতু সমষ্টিৰ পৰা মিজোৰাম বিধানসভালৈ নিৰ্বাচিত ৷

ZNP আৰু ZPM

২০১৮চনৰ বিধানসভাৰ নিৰ্বাচনত ZNP দলটো জোৰাম পিপলছ’ মুভমেণ্ট (ZPM)ৰ সৈতে সংযুক্ত হয় ৷

ZPM ৰ প্ৰাৰ্থী

২০১৮ চনত লালডুহোমাক ZPMয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । কিন্তু ZPM নিৰ্বাচন আয়োগত পঞ্জীয়নভুক্ত নোহোৱাত দলটোৰ আন প্ৰাৰ্থীৰ লগতে লালডুহোমায়েও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰে ৷

আইজল পশ্চিম আৰু শ্বেৰচীপ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা

২০১৮চনৰ নিৰ্বাচনত লালডুহোমাই আইজল পশ্চিম আৰু শ্বেৰচীপ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰি দুয়োটা সমষ্টিৰ পৰা জয়ী হয় ৷ শ্বেৰচীপ সমষ্টিটো গ্ৰহণ কৰি আইজল পশ্চিম সমষ্টিতো এৰি দিয়ে । শ্বেৰচীপ সমষ্টিত লালডুহোমাই মুখ্যমন্ত্ৰী লালথানহাউলাক ৪১০ টা ভোটত পৰাজিত কৰিছিল। ২০১৮ত লালডুহোমা মিজোৰাম বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচিত হয় ৷

ZPM নিৰ্বাচন আয়োগত পঞ্জীয়নভুক্ত ২০১৯চনত  ZPM নিৰ্বাচন আয়োগত পঞ্জীয়নভুক্ত হয়৷ দলটোৰ নেতা হৈ থকাৰ বাবে নিৰ্দলীয় বিধায়ক হিচাপে জয়ী হোৱা লালডুহোমাক অধ্যক্ষ লালৰিনলিয়ানা ছাইলুয়ে Anti-defection Law মতে বিধায়ক পদ খাৰিজ কৰে ৷ ২০২১ৰ ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱা শ্বেৰচীপ সমষ্টিৰ উপ নিৰ্বাচনত পুনৰ জয়ী হয় লালডুহোমা

Leave A Reply

Your email address will not be published.