ISHAN NEWS – Always One Step Ahead of Time…

তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেভন্থ ৰেড্ডী! জানো আহক তেওঁৰ সবিশেষ… 

0 79

তেলেংগানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ৰেভন্থ ৰেড্ডী। বিধায়কসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত কংগ্ৰেছ হাইকমাণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০২১ চনৰ জুন-জুলাইত তেওঁক তেলেংগানা কংগ্ৰেছৰ অধ্যক্ষৰূপে নিযুক্তি প্ৰদান কৰিছিল।

অধ্যক্ষপদ লাভ কৰাৰ পিছৰে পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অহৰহ কাম কৰি গৈছিল ৰেড্ডীয়ে। তেওঁৰ সঠিক পৰিকল্পনা আৰু সবল নেতৃত্বৰ বাবেই তেলেংগানাত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

ৰেভন্থ ৰেড্ডীৰ বিষয়ে চমু আভাস

১৯৬৯ চনৰ ৮ নৱেম্বৰত মেহবুবনগৰ জিলাৰ কোণ্ডাৰেড্ডী পল্লীত জন্ম হৈছিল ৰেড্ডীৰ। ছাত্ৰ অৱস্থাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিৰ সৈতে জড়িত থকা ৰেড্ডীয়ে ২০০৬ চনত প্ৰত্যক্ষ ৰাজনীতিত খোজ দিছিল।

২০০৯ চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰেড্ডী। চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন টিডিপিৰ প্ৰাৰ্থীৰূপে প্ৰথমবাৰ তেওঁ অন্ধ্ৰপ্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

২০১৪ চনৰ অবিভক্ত অন্ধ্ৰপ্ৰদেশ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেলেংগানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। পিছত তেলেংগানা বিধানসভাৰ তেলেগু দেশম পাৰ্টিৰ ফ্ল’ৰ নেতা হিচাপে নিৰ্বাচিত হয়।

কিন্তু কংগ্ৰেছ দলত যোগ দিব বুলি ওলোৱা বাতৰিৰ পিছতে টিডিপিয়ে ২০১৭ চনৰ ২৫ অক্টোবৰত তেওঁক তেলেংগানা টিডিপিৰ ফ্ল’ৰ নেতাৰ পৰা অপসাৰণ কৰে। টিডিপিৰ এই সিদ্ধান্তৰ পাঁচদিন পিছতে তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকবাৱে যোগদান কৰে।

ইয়াৰ পিছত তেওঁ কংগ্ৰেছ দলৰ পৰা ২০১৮ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয়। কিন্তু তেওঁ টি আৰ এছ প্ৰাৰ্থী পটনাম নৰেন্দৰ ৰেড্ডীৰ হাতত পৰাস্ত হৈছিল। সেয়া আছিল তেওঁৰ প্ৰথম পৰাজয়।

২০১৮ চনৰ ২০ ছেপ্তেম্বৰত তেওঁক তেলেংগানা প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

কাৰ্যকৰী সভাপতিৰূপে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মালকাজগিৰি সমষ্টিৰ পৰা বিজয়ী হয়। ২০২১ চনৰ জুনত তেওঁক তেলেংগানা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে শীৰ্ষ নেতৃত্বই।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা তেলেংগানা বিধানসভা নিৰ্বাচনত তেওঁ কোডাংগল সমষ্টি আৰু কামাৰেড্ডী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। কিন্তু ইয়াৰে কোডাংগল সমষ্টিৰ পৰাহে তেওঁ জয়ী হ’বলৈ সক্ষম হয়।

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, ৩০ নবেম্বৰৰ বিধানসভা নিৰ্বাচনত দলটোৰ বৃহত জয়ৰ আঁৰতে হৈছে তেলেংগানা কংগ্ৰেছৰ মুৰব্বী ৰেভন্থ ৰেড্ডী, যিগৰাকী কংগ্ৰেছ হাইকমাণ্ডৰ মুখ্যমন্ত্ৰীৰ পছন্দ।

সূত্ৰটোৱে জনোৱা মতে, দলৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ নেতৃত্বত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। খৰ্গে আৰু নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্বত থকা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মাজত চলি থকা বৈঠকৰ পিছতহে চূড়ান্ত ঘোষণা কৰা হ’ব।    

উল্লেখ্য যে, তেলেংগানাত ১১৯খন আসনৰ বাবে ৩০ নবেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৬৪খন আসনত জয়ী হৈ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে।

Leave A Reply

Your email address will not be published.