মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কোন হ’ব মুখ্যমন্ত্ৰী? নিৰ্বাচনৰ ফলাফল ঘোষণাৰ চাৰিদিন উকলি যোৱাৰ পিছতো এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে।
দলৰ ভিতৰত চিন্তা-চৰ্চা চলি থকাৰ মাজতে বিজেপিৰ শীৰ্ষ নেতৃত্বই শুকুৰবাৰে তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰিবলৈ পৰ্যবেক্ষক নিযুক্তি দিছে।
মুখ্যমন্ত্রী কোন হ’ব পাৰে সেয়া ঘোষণা নকৰাকৈয়ে বিজেপিয়ে পাঁচখন ৰাজ্যত বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল৷ মিজোৰাম, তেলেংগানাক বাদি দি আন তিনিখন ৰাজ্যত জয়ী হৈছিল বিজেপি।
জয়ৰ পিছত এতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পাল। বিজেপিৰ সূত্ৰ অনুসৰি, প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ বাবে দলৰ ভিতৰতে কেইবাটাও নাম উন্মোচিত হৈছে। আৰু সেইটোৱেই দলটোক বিমোৰত পেলোৱা পৰিলক্ষিত হৈছে।
বাদ-বিসম্বাদ নোহোৱাকৈ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিবলৈ পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে। পৰ্যবেক্ষকসকলে তিনিখন ৰাজ্যৰ নৱনিৰ্বাচিত বিধায়কৰ সৈতে কথা পাতিব। মুখ্যমন্ত্ৰীৰ পদৰ বাবে তেওঁলোকে কাক বিচাৰে জানিবলৈ চেষ্টা কৰিব আৰু শেষত এই প্ৰতিবেদন শীৰ্ষ নেতৃত্বক প্ৰদান কৰিব।