ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ দুৰ্ঘটনা; ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিল বাছ, ১৩ যাত্ৰীৰ মৃত্যু

0 161

মধ্যপ্ৰদেশৰ গুনা জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

জানিব পৰা মতে, ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিছিল বাছখন। যাৰ ফলত অগ্নিদগ্ধ হৈ ১৩ জন যাত্ৰীয়ে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে আন ১৪ গৰাকী যাত্ৰী আহত হয়।

আহত লোকসকলক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক এতিয়া সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, বুধবাৰে নিশা প্ৰায় ৯ বজাত গুনা-আৰোন পথত বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰখনৰ সৈতে যাত্ৰীবাহী বাছখনৰ ভয়ংকৰ সংঘৰ্ষ হয়। ইয়াৰ পিছতে বাছখন পথৰ ওপৰত বাগৰি পৰে আৰু দাওদাওকৈ জ্বলি উঠে।

এই কৰুণ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী মোহন যাদৱে দুখ প্ৰকাশ কৰি আৰ্থিক সাহায্য ঘোষণা কৰে। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহায্য আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে লিখিছে, ‘গুনাৰ পৰা আৰোনলৈ যোৱা বাছখনত ব্যাপক অগ্নিকাণ্ডৰ ফলত যাত্ৰীৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক। এই হৃদয় বিদাৰক দুৰ্ঘটনাত অকাল মৃত্যু হোৱা সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ’।

ইফালে এই দুৰ্ঘটনাৰ তদন্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী যাদৱে।

Leave A Reply

Your email address will not be published.