তামিলনাডু আৰু মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলাসহ পাঁচগৰাকী লোকৰ মৃত্যু হয়।
আনহাতে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মানগাঁও থানা এলেকাত সংঘটিত আন এক দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যু হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত দুৰ্ঘটনাটোত এগৰাকী মহিলাসহ পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ঘটনাত আন ১৯ গৰাকী লোক আহত হয়।
জিলা আৰক্ষীয়ে জনোৱা অনুসৰি, ত্ৰিচি-ৰামেশ্বৰম ঘাইপথত এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাহৰ দোকানত সোমাই যায়। ঘটনাত আহত লোকসকলক পুডুকোট্টাই চৰকাৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইফালে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মানগাঁও থানা এলেকাত আজি ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত এখন যাত্ৰীবাহী বাছ বাগৰি পৰাত দুজন লোকৰ মৃত্যু হয় আৰু এই ঘটনাত আন ৫৫ গৰাকী লোক আহত হয়।
আহত সকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী অধীক্ষক সোমনাথ ঘৰগে জানিবলৈ দিয়ে।
উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত এইধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।