ISHAN NEWS – Always One Step Ahead of Time…

আশা ভংগ ইমৰাণ খানৰ; নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন

0 117

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। যোৱা আগষ্টৰ পৰা জেলত আছে ইমৰাণ খান।

কেইবাটাও গোচৰৰ অধীনত তেওঁ বিচাৰৰ সন্মুখীন হৈ আছে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে তেওঁক পাঁচ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিছিল।

নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে পিটিআইৰ নেতাসকলে।

কৰাচী পিটিআইৰ অধ্যক্ষ খুৰৰাম শ্বেৰ জামানে নিৰ্বাচনৰ আয়োগৰ এই সিদ্ধান্তৰ বাবে নৱাজ শ্বৰীফক জগৰীয়া কৰিছে।

তেওঁ টুইটাৰত লিখিছে, লাহোৰ আৰু মিঞাৱালীৰ পৰা ইমৰাণ খানৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে, কিন্তু আমি আদালতলৈ যাম। আশ্চৰ্যজনক যে উচ্চতম ন্যায়ালয়ে আজীৱন নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো নৱাজ শ্বৰীফৰ মনোনয়ন গ্ৰহণ কৰা হ’ল।

উল্লেখ্য যে, ইমৰাণ খানৰ দল পিটিআইৰ বহু নেতাৰ মনোনয়ন বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত আছে পাকিস্তানৰ সংসদৰ প্ৰাক্তন অধ্যক্ষ আছাদ কেছৰ আৰু মুৰাদ ছাইদৰ মনোনয়ন বাতিল কৰা হয়।

ইয়াৰ উপৰি ছাহিবজাদা চিগবাতুল্লাহ, ডাঃ আমজাদ খান, ফজল হাকিম খান, মিঞা শ্বাৰাফত আৰু চেলিম উৰ ৰেহমানৰ মনোনয়ন পত্ৰও বাতিল কৰা হৈছে।

Leave A Reply

Your email address will not be published.