ISHAN NEWS – Always One Step Ahead of Time…

১০ দিনতে মোহভংগ! হঠাৎ ৰাজনীতি এৰাৰ সিদ্ধান্ত প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ

0 150

১০ দিনৰ ভিতৰতে ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ। শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল ৱাই এছ আৰ চি পি ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

অলপতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী, উপ-মুখ্যমন্ত্ৰী কে নাৰায়ণ স্বামী আৰু লোকসভাৰ সদস্য পি মিথুন ৰেড্ডীৰ উপস্থিতিত দলটোত যোগদান কৰিছিল ৰায়ডুৱে।

ইয়াৰ পিছত ৱাই এছ আৰ চি পিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছিল, ‘মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী কেম্প অফিচত ৱাই এছ আৰ চি পিত যোগদান কৰে আম্বাতি ৰায়ডুৱে। ২৮ ডিচেম্বৰত দলত যোগদান কৰিছিল আম্বাতি ৰায়ডুৱে।

অৱশ্যে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এল খিতাপ দখল কৰা ৰায়ুডৱে ১০ দিনৰ ভিতৰত দল ত্যাগ কৰাৰ সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ৰায়ডুৱে লিখিছে, ‘সকলোকে জনাও যে মই ৱাই এছ আৰ চি পি এৰি কিছুদিনৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো’।

ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা ৰায়ডুৱে আগন্তুক সময়ত তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক’ব বুলিও কয়।

উল্লেখ্য যে, ২০১৯ চনৰ জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আৰু ২০২৩ চনৰ মে’ মাহত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল গুণ্টুৰৰ বাসিন্দা আম্বাতি ৰায়ডুৱে।

Leave A Reply

Your email address will not be published.