‘ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰেষ্ঠ নেতা’। এই মন্তব্য কৰিছে আফ্ৰিকান-আমেৰিকান হলিউডৰ অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে।
তেওঁ কয় যে আমেৰিকাৰ বহু লোকে বিচাৰে যে প্ৰধানমন্ত্ৰী মোদী পুনৰ নিৰ্বাচনত জয়ী হওক, যাতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব পাৰে।
মিলবেনে লগতে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী জয়ী হ’ব বুলিও মন্তব্য কৰিছে।
সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত মেৰী মিলবেনে কয়, ‘মই আপোনালোকক ক’ব বিচাৰিছো যে ইয়াত আমেৰিকাত প্ৰধানমন্ত্ৰীৰ প্ৰতি নিশ্চিতভাৱে বহু সমৰ্থন আছে। মোৰ বিশ্বাস বহুতে প্ৰধানমন্ত্ৰীক পুনৰ নিৰ্বাচিত হোৱাটো বিচাৰে কাৰণ তেওঁ ভাৰতৰ বাবে শ্ৰেষ্ঠ নেতা’।
উল্লেখ্য যে, ভাৰতত মেৰী মিলবেনৰ যথেষ্ট অনুৰাগী আছে। তেওঁ ভাৰতীয় জাতীয় সংগীত ‘জন গণ মন’ আৰু ধৰ্মীয় গীত ‘ওম জয় জগদীশ হৰে’ গীতটিও গাইছে।
মেৰী মিলবেনে কয়, ‘মই বিশ্বাস কৰো যে এই নিৰ্বাচনী বতৰটো আমেৰিকা, ভাৰত আৰু বিশ্বৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী বতৰ হ’ব। গতিকে নাগৰিক হিচাপে আমাৰ সকলোৰে এক গভীৰ দায়িত্ব আছে আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব’।
মিলবেনে লগতে তেওঁৰ সকলো প্ৰিয় ভাৰতীয়কে আগন্তুক নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনাইছে।
মিলবেনে কয়, ‘এয়া কোনো গোপন কথা নহয়, সমগ্ৰ ভাৰতে জানে যে মই প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ সমৰ্থক আৰু মই ভাবো তেওঁ ভাৰতৰ শ্ৰেষ্ঠ নেতা। ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বাবেও তেওঁ এজন শ্ৰেষ্ঠ নেতা।‘