ISHAN NEWS – Always One Step Ahead of Time…

বেকফুটত ‘ইণ্ডিয়া’! মমতাৰ দৰে পঞ্জাৱতো কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ঘোষণা ভগৱন্ত মানৰ

0 122

বিজেপিক পৰাস্ত কৰি দেশৰ শাসনভাৰ দখল কৰাৰ সপোন দেখি থকা বিৰোধী মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে এটা দিনতে লাভ কৰিলে দুটাকৈ বেয়া খবৰ। মমতা বেনাৰ্জীৰ পিছত এইবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্টৰূপত ঘোষণা কৰিছে।

আম আদমি পাৰ্টি চমুকৈ আপে পঞ্জাৱৰ ১৩ খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিব। ১৩টা সমষ্টিৰ বাবে ৪০ গৰাকী প্ৰতিদ্বন্দ্বীৰ নাম বিবেচনা কৰি থকা হৈছে বুলিও জনায় মুখ্যমন্ত্ৰী মানে।

ভগৱন্ত মানৰ পূৰ্বে আজিৰ দিনটোতে মমতা বেনাৰ্জীয়েও পশ্চিম বংগত তেওঁলোকৰ দলে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল।

কংগ্ৰেছৰ সৈতে তৃণমূলৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছিল মমতা বেনাৰ্জীয়ে।

মমতাই বুধবাৰে ঘোষণা কৰিছিল যে তৃণমূল কংগ্ৰেছে নিজাববীয়াকৈ বংগৰ ৪২খন লোকসভা আসনত অৱতীৰ্ণ হ’ব। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতহে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰা হ’ব।

মমতা বেনাৰ্জীৰ খোজতেই এতিয়া খোজ মিলাইছে আপ পঞ্জাৱে। পঞ্জাৱত আপে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰক শাসনৰ পৰা ওফৰাবলৈ কংগ্ৰেছকে ধৰি দেশৰ আন আন প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহে গঠন কৰিছিল ‘ইণ্ডিয়া’। কিন্তু মমতা বেনাৰ্জী আৰু ভগৱন্ত মানৰ শেহতীয়া এই সিদ্ধান্তই নিশ্চিতভাৱে মিত্ৰজোঁটৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰিব।

Leave A Reply

Your email address will not be published.