ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কয়, ‘লালকৃষ্ণ আদৱানীক ভাৰত ৰত্নৰে সন্মানিত কৰা হ’ব। মই তেওঁৰ সৈতে কথা পাতিলো আৰু এই সন্মান লাভ কৰাৰ বাবে শুভেচ্ছা জনালো। আমাৰ সময়ৰ আটাইতকৈ সন্মানীয় ৰাজনীতিবিদ, দেশৰ উন্নয়নত তেওঁৰ অৱদান চিৰস্মৰণীয়। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি তেওঁ উপ-প্ৰধানমন্ত্ৰীৰূপে দেশক সেৱা প্ৰদান কৰিছে। তেওঁ গৃহমন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে’।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰাটো মোৰ বাবে অতি আৱেগিক মুহূৰ্ত। তেওঁৰ সৈতে মত বিনিময় কৰা আৰু তেওঁৰ পৰা শিকিবলৈ অগণন সুযোগ পোৱাটো মই সদায় মোৰ সৌভাগ্য বুলি গণ্য কৰিম।