পশ্চিম বংগৰ হাওৰা জিলাৰ ৰূপনাৰায়ণ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। এই ঘটনাটোত পাঁচগৰাকী লোক নৈৰ বুকুত সন্ধানহীন হৈ থকা বুলি স্থানীয় আৰক্ষীয়ে জনাইছে।
জানিব পৰা অনুসৰি, হাওৰা জিলাৰ বেলগচিয়া, শিৱপুৰ আৰু বাগনানৰ পৰা প্ৰায় ১৯ জনীয়া এটা দলে বনভোজ খাবলৈ পশ্চিম মেদিনীপুৰ জিলাৰ দাসপুৰৰ ত্ৰিবেনী পাৰ্কলৈ গৈছিল।
বৃহস্পতিবাৰে সন্ধিয়া বনভোজকাৰী দলটোৱে উভতি অহাৰ সময়ত নদীৰ মাজভাগত নাওখন দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাৰ পিছতে নাওখনত থকা লোকসকলে চিঞৰ বাখৰ কৰাত তেওঁলোকক উদ্ধাৰৰ বাবে কেইবাখনো নাও ঘটনাস্থলত উপস্থিত হয় আৰু বহু লোকক উদ্ধাৰ কৰে।
কিন্তু নাওখনত থকা পাঁচগৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। বৰ্তমান তেওঁলোকক উদ্ধাৰ কৰিবলৈ দুটাকৈ উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে।
ইফালে হাওৰা জিলা প্ৰশাসনে জানিব দিয়া অনুসৰি, নাও দুৰ্ঘটনাটোৰ পিছত উদ্ধাৰ কৰা একাংশ লোকক প্ৰাথমিক চিকিৎসাৰ বাবে ওচৰৰে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।