ISHAN NEWS – Always One Step Ahead of Time…

পুনৰ ভোট গণনাৰ সময়ত দুই দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষ; দুজনৰ মৃত্যু, ১৪ জন আহত

0 156

পাকিস্তানৰ অশান্ত অঞ্চল বেলুচিস্তানৰ এটা সমষ্টিত পুনৰ ভোট গণনাৰ সময়ত দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত কমেও দুজন লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয়।

বৃহস্পতিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

কৰাচীৰ সীমান্তৱৰ্তী ঔদ্যোগিক চহৰ হাবৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বাহিৰত বেলুচিস্তান আৱামি পাৰ্টী আৰু পাকিস্তান পিপলছ পাৰ্টীৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

যোৱা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিএপিৰ মহম্মদ ছালেহ ভূটানীয়ে জয়ৰ দাবী কৰিছিল যদিও পিপিপিৰ আলী হাছান জাহাৰীয়ে পুনৰ গণনাৰ দাবী জনাইছিল।

ইয়াৰ পিছত পাকিস্তানৰ নিৰ্বাচন আয়োগে সমষ্টিটোত পুনৰ ভোট গণনাৰ নিৰ্দেশ প্ৰদান কৰে।

হাবৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মনজুৰ আহমেদ বুলেদীয়ে সাংবাদিকৰ আগত কয়, “বুধবাৰে পুনৰ গণনাৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুয়োজন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত কাজিয়া আৰম্ভ হয়।”

সংঘৰ্ষৰ সময়ত হোৱা গুলীচালনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৪ জন লোক আহত হয়।

Leave A Reply

Your email address will not be published.