ৰাজস্থানৰ বিকানেৰত ভাৰতমালা এক্সপ্ৰেছ ৱে’ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকে পিছফালৰ পৰা চাৰিচকীয়া বাহন এখনক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয়।
সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅ’ বাহনখনত থকা প্ৰতিগৰাকী সদস্যৰ ঘটনাস্থলতে মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছে দুজন পুৰুষ, দুগৰাকী মহিলা আৰু এটি শিশু।
এই দুৰ্ঘটনাটোৰ ফলত স্কৰপিঅ’ বাহনখন ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে গাড়ীখনৰ পৰা মৃতদেহ কেইটা উলিয়াবলৈ আৰক্ষীয়ে সহায় ল’বলগীয়া হৈছিল ক্ৰেনৰ।
জানিব পৰা মতে, পশুৰ খাদ্যৰে ভৰা ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত চালকজনে ঘটনাস্থলৰ পৰা পলাই যাবলৈ সক্ষম হয়।
নোখা থানা এলেকাৰ ৰছিছাৰ গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
তীব্ৰ গতিত থকাৰ বাবেই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅ’ বাহনখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দিওৱাৰ সন্দেহ কৰা হৈছে।