অসমৰ ১৪টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিত বিজেপি দলৰ কোন হ’ব প্ৰাৰ্থী। ইয়াক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাৰ মাজতে ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ ৰাওনা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
মুখ্যমন্ত্ৰী শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি পুৱাই দিল্লীলৈ ৰাওনা হৈছে। দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাৰ পিছত অসমৰ ১২টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হ’ব।
উল্লেখ্য যে, অসমৰ ১২টা সমষ্টিৰ বাবে সম্ভাব্য প্ৰাৰ্থীৰ নাম সংগ্ৰহ কৰিবলৈ ৰাজ্যিক বিজেপিয়ে গঠন কৰি দিছিল দুজনীয়া পৰ্যবেক্ষকৰ দল।
এই দুজনীয়া পৰ্যবেক্ষক কেইগৰাকীয়ে মঙলবাৰৰ দিনটোত প্ৰতিটো সমষ্টিতে গৈ দলীয় নেতা-কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি প্ৰাৰ্থীৰ নাম সংগ্ৰহ কৰিছিল।
প্ৰাৰ্থীৰ নাম সংগ্ৰহ কৰাৰ পিছত মঙলবাৰে বিয়লি ৰাজ্যিক কাৰ্যালয়ত দলৰ শীৰ্ষ নেতৃত্বক প্ৰাৰ্থীৰ নাম সমূহ প্ৰদান কৰিছিল। তালিকা হাতত পৰাৰ পিছতে আজি পুৱা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰাৰ্থী চূড়ান্ত কৰাৰ উদ্দেশ্যেৰে দিল্লীলৈ ৰাওনা হয়।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি ৰামেশ্বৰ তেলীৰ সলনি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সৰ্বানন্দ সোণোৱালক।
ইফালে যোৰহাটত পুনৰ এবাৰ তপন কুমাৰ গগৈয়ে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোৰ নেতা-কৰ্মীৰ প্ৰথম পচন্দ তপন কুমাৰ গগৈ।
আনহাতে কাজিৰঙা সমষ্টিৰ পৰা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে। নগাঁও সমষ্টিৰ বাবে তিনিগৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। এই তিনিওগৰাকী অসমৰ জনসাধাৰণৰ বাবে হ’ব নতুন মুখ।
উল্লেখ্য যে, কাইলৈ অৰ্থাত ২৯ ফেব্ৰুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব ১০০ জনীয়া প্ৰাৰ্থীৰ তালিকা। এই তালিকাত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ নাম সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা আছে।