ISHAN NEWS – Always One Step Ahead of Time…

বিৰোধীত আন এক মোক্ষম আঘাত; বিজেপিত যোগ দিলে এইগৰাকী সাংসদে

0 319

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদানৰ সোঁত বৈছে বিৰোধীৰ নেতাৰ। এইবাৰ তেলেংগানাত বিৰোধী ৰাজনৈতিক দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ জহিৰাবাদ সমষ্টিৰ ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)ৰ সাংসদ বি বি পাটিলে বিজেপিত যোগদান কৰে।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, বিজেপিৰ সংসদীয় সদস্য কে লক্ষণ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা তেলেংগানাৰ প্ৰভাৰী তৰুণ চুগৰ উপস্থিতিত পাটিলে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে।

বিজেপিত যোগদান কৰিয়েই পাটিলে বি আৰ এছ আৰু শাসকীয় কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ লগতে ৬০ ৰো অধিক লোকক বিজেপিত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰে।

তেওঁ কয়, “বি আৰ এছত কেৱল পিতৃ, পুত্ৰ আৰু কন্যাহে আছে আৰু বাকীসকল আত্মীয়। ৰাজনৈতিক কৰ্মীয়ে বি আৰ এছৰ পৰা মুক্তি পাইছে।”

ইয়াৰ লগতে তেওঁ তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী চৰকাৰকো তীব্ৰ সমলোচনা কৰি মিছা আৰু ৰাজনীতিৰ খেল চলি আছে বুলি উল্লেখ কৰে। তেওঁ কয়, “ৰেৱন্ত ৰেড্ডীৰ চৰকাৰে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। চৰকাৰক লৈ জনসাধাৰণ বিৰক্ত।“

উল্লেখ্য যে, যোৱা দুটা দিনৰ ভিতৰত বি আৰ এছৰ দলৰ বাবে এইটো দ্বিতীয়টো মোক্ষম আঘাত। বৃহস্পতিবাৰে বি আৰ এছৰ সাংসদ তথা দলিত নেতা পি ৰামুলুও বিজেপিত যোগদান কৰিছিল।

Leave A Reply

Your email address will not be published.