ISHAN NEWS – Always One Step Ahead of Time…

‘মুখ্যমন্ত্ৰীৰ বাবে কোনো পৃথক আইন নাই…’ : কেজৰিৱালে দাখিল কৰা আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

0 279

দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মুখথেকেচা খাইছে।

গ্ৰেপ্তাৰ আৰু জিম্মাৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। গ্ৰেপ্তাৰৰ উপৰি অৰবিন্দ কেজৰিৱালে তেওঁক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা সন্দৰ্ভতো প্ৰত্যাহ্বান জনাইছিল।

ইডিৰ জিম্মাত থকাৰ পিছত কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান তেওঁক তিহাৰ জেলত ভৰ্তি কৰা হৈছে।

দিল্লী উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তত আম আদমী পাৰ্টি সুখী নহয় বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত তেওঁলোক সহজভাৱে মানি ল’ব পৰা নাই।

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিব পৰা গৈছে।

অৰবিন্দ কেজৰিৱালৰ আবেদন নাকচ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কি কি গুৰুত্বপূৰ্ণ কথা ক’লে?

. অনুমোদনকাৰীৰ আইনখন ১০০ বছৰতকৈও অধিক পুৰণি, ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰাটো সঠিক নহয়।

. অভিযুক্তই ক্ষমা পাব নে নাপাব সেয়া তদন্তকাৰী সংস্থাই নহয় আদালতে সিদ্ধান্ত লয়।

. মুখ্যমন্ত্রীৰ বাবে সুকীয়া আইন হ’ব নোৱাৰে৷

. আমি ৰাজনৈতিক নৈতিকতাৰ কথা কোৱা নাই, সাংবিধানিক নৈতিকতাৰ কথাহে কৈছো।

. ইডিয়ে আম আদমি পাৰ্টিৰ গোৱা প্ৰাৰ্থীৰ বক্তব্য দেখুৱাই, হাৱালা ব্যৱসায়ীৰ বক্তব্য দেখুৱাইছে, য’ত আমি নাম ৰাজহুৱা কৰা নাই। ইয়াৰ ফলত এটা শৃংখল প্ৰতিষ্ঠা হয়।

. অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ কোনো আইন উলংঘা নহয়।

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে এই আবেদন জামিনৰ বাবে নহয়, বৰঞ্চ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা হৈছে। আবেদনকাৰীয়ে তেওঁৰ গ্ৰেপ্তাৰ ভুল বুলি কৈছে।

ইডিৰ তথ্য অনুসৰি কেজৰিৱাল আম আদমি পাৰ্টিৰ আহ্বায়ক আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ যে এই ধন গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইডিয়ে কয় যে এই সমগ্ৰ বিষয়টোৰ সৈতে আবেদনকাৰী জড়িত।

ন্যায়ালয়ে লগতে কয় যে চৰকাৰী সাক্ষীৰ সত্যতা পৰীক্ষা কৰাটো আদালতৰ কাম। এই আইনখন ১০০ বছৰতকৈও অধিক পুৰণি। চৰকাৰী সাক্ষী বনোৱাৰ আইনক লৈ কেতিয়াও প্ৰশ্ন উত্থাপন হোৱা নাছিল।

উল্লেখ্য যে, দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যোৱা ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।

Leave A Reply

Your email address will not be published.