ISHAN NEWS – Always One Step Ahead of Time…

মাওবাদীৰ বিৰুদ্ধে অভিযান। শীৰ্ষ নেতাসহ ২৯ টা মাওবাদী নিহত

0 105

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে নিৰাপত্তা বাহিনীৰ বৃহত্ সফলতা। ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও ২৯ টা মাওবাদী নিহত হৈছে। এই অভিযানত ৩জন নিৰাপত্তাৰক্ষী আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ সংখ্যা ঘোষণা কৰা নাই। সূত্ৰ অনুসৰি এই অভিযানত মাওবাদীৰ শীৰ্ষ নেতা শংকৰ ৰাৱৰো মৃত্যু হয়। এই শংকৰ আছিল কংকৰ জিলাৰ শীৰ্ষ মাওবাদী কমাণ্ডাৰ। তেওঁৰ মূৰৰ দাম নিৰ্দ্ধাৰণ কৰা হৈছিল ২৫ লাখ টকা। শংকৰ ৰাৱৰ লগতে মাওবাদীৰ তিনিজন শীৰ্ষ নেতাও নিহত হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে বহু মাৰণাস্ত্ৰ।

উল্লেখ্য যে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি মঙলবাৰে দুপৰীয়াৰ ভাগত বিএছএফ আৰু জিলা সংৰক্ষিত বাহিনীয়ে (ডিআৰএফ) মাওবাদীৰ বিৰুদ্ধে ছত্তিশগড়ৰ কংকৰ জিলাৰ জংঘলত অভিযান চলায়।

অহা ১৯ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। কংকন জিলাত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাওবাদী অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

নিৰাপত্তা বাহিনীৰ এই সফলতাত টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে অভিযানত আহত নিৰাপত্তাৰক্ষীসকলৰ আৰোগ্য কামনা কৰিছে। তেওঁ কয় যে দেশক মাওবাদীমুক্ত কৰি গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। শীঘ্ৰেই ছত্তিশগড়ৰ লগতে সমগ্ৰ দেশ মাওবাদীৰ পৰা মুক্ত হ’ব বুলি তেওঁ কামনা কৰে।

Leave A Reply

Your email address will not be published.