ISHAN NEWS – Always One Step Ahead of Time…

ভোট দিয়ক আৰু বিনামূলীয়াকৈ খাওঁক আইচক্ৰীম, জেলেপী অথবা চাওমিন। কোনে কোনে লাভ কৰিব এই সুবিধা

0 92

লোকসভা নিৰ্বাচনত ভোট দিয়া ভোটাৰসকললৈ আকৰ্ষণীয় পুৰস্কাৰ। পুৰস্কাৰৰ তালিকাত আছে আইচক্ৰীম, জেলেপী, চাওমিনৰ দৰে লোভনীয় খাদ্য। নিৰ্বাচনত ভোট দান কৰি বিনামূলীয়াকৈ এই খাদ্যসমূহৰ সোৱাদ লব পাৰিব ভোটাৰসকলেকিন্তু কেনেকৈ?

দেশত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটদানৰ অন্ত পৰিছে। অহা শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ জিলা প্ৰশাসনে ভোটাৰসকলৰ বাবে বিশেষ পুৰস্কাৰৰ ঘোষণা কৰিছে। পুৱা ভোট দিবলৈ যোৱা ভোটাৰসকলে বিনামূলীয়াকৈ আইচক্ৰীম লাভ কৰিব৷ লগতে ভোটাৰসকলে বিনামূলীয়াকৈ খাব পাৰিব পোহা, জেলেপীৰ লগতে চাওমিন আৰু মানচুৰিয়ান। অৱশ্যে বিনামূলীয়াকৈ এই খাদ্য লাভ কৰিবলৈ ভোটাৰসকলে মানিব লাগিব কেইটামান চৰ্ত।

জিলা দণ্ডাধীশ আশীষ সিঙৰ মতে,  ৬০ বছৰৰ ওপৰৰ প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হপুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ভোটদান কৰা ভোটাৰক বিনামূলীয়াকৈ পোহা আৰু জেলেপী দিয়া হব। এই পুৰস্কাৰ  সমষ্টিটোৰ যিকোনো খাদ্যৰ দোকানত উপলব্ধ হব। ভোটদানৰ পিছত চিয়াঁহীৰ চিন দেখুৱালেই ভোটাৰসকলে বিনামূলীয়া খাদ্য লাভ কৰিব। ইয়াৰ বাহিৰে পুৱা ভোটদান কৰা ভোটাৰক বিনামূলীয়াকৈ চাওমিন আৰু মানচুৰিয়ান দিয়া হব।

উল্লেখ্য যে ইণ্ডোৰত অহা ১৩ মেত ভোটদান অনুষ্ঠিত হব২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সমষ্টিটোৰ ৬৯ শতাংশ লোকে ভোটদান কৰিছিল। এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ জিলা প্ৰশাসনে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.