ISHAN NEWS – Always One Step Ahead of Time…

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু টিকট বঞ্চিত বিজেপি সাংসদৰ

0 128

উত্তৰ প্ৰদেশৰ হাথৰছ লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজবীৰ দিলেৰৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু ঘটিছে।। আলিগড়ৰ বৰুণ চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

সাংসদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাতে শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। সাংসদ ৰাজবীৰ দিলেৰৰ আকস্মিক মৃত্যু বিজেপিৰ বাবে ডাঙৰ ক্ষতি।

উল্লেখ্য যে, ২০১৯ চনত বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছিল ৰাজবীৰ দিলেৰ।

ৰাজবীৰ সিং দিলেৰৰ পিতৃ কিষাণ লাল দিলেৰ ১৯৯৬ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল হাথৰাছৰ আসনৰ পৰা সাংসদ আছিল। ইয়াৰ পিছত ২০১৯ চনত এই আসনখনৰ পৰা সাংসদ হৈছিল ৰাজবীৰ দিলেৰ।

কিন্তু এইবাৰ বিজেপিয়ে ২০২৪ চনৰ নিৰ্বাচনত সাংসদ ৰাজবীৰ দিলেৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। তেওঁৰ ঠাইত বিজেপিয়ে হাথৰছৰ পৰা অনুপ বাল্মিকিক প্ৰক্ষেপ কৰিছে।

হাথৰছৰ পৰা লোকসভাৰ আসনৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো দিলেৰৰ টিকট কৰ্তন কৰাত তেওঁ মানসিকভাৱে ভাঙি পৰিছিল।

Leave A Reply

Your email address will not be published.