ISHAN NEWS – Always One Step Ahead of Time…

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ

0 383

দেশত চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ সম্ভাৱনীয়তা বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে।

আজি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে অহা ৭ মে’ত অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব দিয়ে।

আদালতে তদন্তকাৰী সংস্থা ইডি আৰু অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সাজু থাকিবলৈ কোৱা হয়।

উচ্চতম ন্যায়ালয়ে কয় যে আমি মঙলবাৰে পুৱা ১০.৩০ বজাত শুনানি গ্ৰহণ কৰিম। আদালতে কয় যে যদি এই গোচৰটো দীৰ্ঘদিনলৈ চলে তেন্তে আমি অন্তৱৰ্তীকালীন জামিনৰ কথা বিবেচনা কৰিম।

ইফালে উচ্চতম ন্যায়ালয়ে ইডিক আন এটা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈ কয় যে, কেজৰিৱালে জেলৰ পৰাই চৰকাৰী ফাইলত স্বাক্ষৰ কৰিব পাৰেনে? ন্যায়াধীশ খান্নাই ইডিক কয়, আমি আজি একো কোৱা নাই, কিন্তু আমি সুধিব পাৰো, মঙলবাৰে সাজু থাকক।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ অনিয়মৰ অভিযোগত ২১ মাৰ্চত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। নিম্ন ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেজৰিৱালে।

মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙৰ পিছত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ তৃতীয়জন শীৰ্ষ নেতা হৈছে কেজৰিৱাল। ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক জামিনত মুকলি কৰি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.