ISHAN NEWS – Always One Step Ahead of Time…

মাত্ৰ ২০ বছৰ বয়সতেই মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে

0 193

মাত্ৰ ২০ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে ইংলেণ্ডৰ ক্ৰিকেটাৰ জোছ বেকাৰে। বেকাৰে কাউন্টি ক্ৰিকেটত ৱৰ্চেষ্টাৰশ্বাৰৰ হৈ খেলিছিল। মৃত্যুৰ এদিন পূৰ্বে এখন মেচত তেওঁ দখল কৰিছিল ৩টা উইকেট।

বেকাৰৰ দলটোৱে তেওঁৰ বলিং প্ৰদৰ্শনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰে। বেকাৰে এটা ইনিংছত ২০ অভাৰত বলিং কৰিছিল। এই সময়ছোৱাত ৬৬ ৰানত ৩টা উইকেট লৈছিল।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে বেকাৰৰ মৃত্যুৰ পিছত শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে শোক প্ৰকাশ কৰে ব’ৰ্ড আৰু কাউণ্টি দলটোৱে।

ৱৰ্চেষ্টাৰশ্বাইৰে টুইটাৰত লিখিছে, ‘ৱৰ্চেষ্টাৰশ্বাইৰ কাউন্টি ক্ৰিকেট ক্লাবে ২০ বছৰ বয়সত জোছ বেকাৰৰ মৃত্যু হোৱা বুলি ঘোষণা কৰি অতি দুখী। এই দুখৰ সময়ত আমি সকলোৱে জোছৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছো’।

বেকাৰে প্ৰথম শ্ৰেণীৰ ২২খন খেলত ৪৩টা উইকেট দখল কৰিছে। এটা ইনিংছত বেকাৰৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৫১ ৰানত ৪ উইকেট দখল।

তেওঁ ১৭ খন লিষ্ট এ খেলত ২৪ টা উইকেট দখল কৰিছে। ইয়াৰ সমান্তৰালকৈ টি-২০ মেচো খেলিছে বেকাৰে। টি-২০ৰ ৮ খন মেচত ৩ টা উইকেট দখল কৰিছিল।

বেকাৰে বলিঙৰ লগতে বেটিঙৰ জৰিয়তে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল। প্ৰথম শ্ৰেণীৰ মেচত তেওঁ ৪১১ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ২টা অৰ্ধশতক অৰ্জন কৰিছে।

উল্লেখ্য যে ২০২১ চনত জোছ বেকাৰে প্ৰথম শ্ৰেণীত অভিষেক ঘটাইছিল। চলিত বছৰতে তেওঁ লিষ্ট এ ক্ৰিকেটতো অভিষেক ঘটায়। ২০২২ চনত কেৰিয়াৰৰ প্ৰথমখন টি-২০ মেচ খেলিছিল।

Leave A Reply

Your email address will not be published.