ISHAN NEWS – Always One Step Ahead of Time…

আঙুলিৰ সলনি জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে…. তাৰ পিছত?

0 108

কি কি যে ঘটনা নঘটে এইখন দেশত। কৰিব লাগিছিল হাতৰ আঙুলিৰ অস্ত্ৰোপচাৰ। হাতৰ আঙুলিৰ পৰিৱৰ্তে জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে। চিকিত্সকৰ ভুল চিকিত্সাৰ বলি হ’ল এগৰাকী চাৰি বছৰীয়া কণমাণি। কণমাণিটিৰ এখন হাতত থকা এটা অতিৰিক্ত আঙুলি আঁতৰ কৰিবলৈ চিকিত্সকৰ কাষ চাপে পিতৃ-মাতৃ। চিকিত্সকে এটি সৰু অস্ত্ৰোপচাৰৰ জৰিয়তে শিশুটিৰ অতিৰিক্ত আঙুলিটো আঁতৰ কৰি দিব পৰা যাব বুলি আশ্বাস দিয়ে। পৰৱৰ্তী সময়ত ৬ আঙুলি থকা শিশুটিক অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰা হয় কেৰালাৰ কোজিকোড চিকিৎসা মহাবিদ্যালয় হাস্পতালত। পিছে হাস্পতালখনৰ চিকিত্সকে হাতৰ আঙুলিৰ পৰিৱৰ্তে শিশুটিৰ জিভাৰহে অস্ত্ৰোপচাৰ কৰে। অপাৰেছন কক্ষৰ পৰা শিশুটিক বাহিৰলৈ অনাৰ পিছতেই আচৰিত হৈ পৰে পিতৃ-মাতৃ। শিশুটিৰ মুখমণ্ডলত প্লাষ্টাৰ দেখি হতচকিত হৈ পৰে পৰিয়াল। লগে লগে তেওঁলোকে শিশুটিৰ হাতখন পৰীক্ষা কৰোতে দেখে যে তেতিয়াও শিশুটিৰ হাতত ৬টা আঙুলিয়েই আছে। ইয়াৰ পাছতে পোহৰলৈ আহে চিকিত্সকৰ সমগ্ৰ কৰ্ম-কাণ্ড। এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে নাৰ্চগৰাকীক অৱগত কৰে। নাৰ্চগৰাকীয়ে কয় যে শিশুটিৰ জিভাত সমস্যা থকা বাবে জিভাৰ অস্ত্ৰোপচাৰ কৰাৰ কথাহে কোৱা হৈছিল। পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰ কৰা চিকিত্সকগৰাকীয়ে আহি ভুলৰ বাবে পৰিয়ালটোৰ ওচৰত ক্ষমা খোজে। লগতে শীঘ্ৰেই অতিৰিক্ত আঙুলিটো আঁতৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। 

Leave A Reply

Your email address will not be published.