ISHAN NEWS – Always One Step Ahead of Time…

সমাজ কল্যাণ সঞ্চালকৰ কমিছনৰ অংকত ৰাজ্যত বন্ধ শিশু খাদ্যৰ যোগান!

0 95

সমাজ কল্যাণ বিভাগে ক’ড অৱ কণ্ডাক্টৰ নামত বন্ধ ৰাখিছে শিশু খাদ্য যোগান। লোকসভা নিৰ্বাচনৰ দোহাই দি যোৱা এপ্ৰিল মাহৰ পৰাই শিশুৰ খাদ্য যোগান বন্ধ ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কোনো পৰিস্থিতিতে শিশু খাদ্যৰ যোগান বন্ধ ৰাখিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো বিষয়টোত তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগটোৰ সঞ্চালক ৰাহুল দাসৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, সমাজ কল্যাণ বিভাগৰ সঞ্চালক ৰাহুল দাসে নিজ পচন্দৰ দুই ঠিকাদাৰী প্ৰতিষ্ঠানক খাদ্য যোগানৰ ঠিকা দিব নোৱাৰাৰ বাবেই বন্ধ ৰাখিছে সমগ্ৰ প্ৰক্ৰিয়াটো।

বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, প্ৰকৃততে আৰ বি এণ্টাৰপ্ৰাইজ আৰু শ্ৰী মানছা ইণ্ডাষ্ট্ৰিজ নামৰ দুই বহিৰাগত প্ৰতিষ্ঠানক ৰাজ্যত খাদ্য যোগানৰ ঠিকা দিয়াৰ মন সঞ্চালক ৰাহুল দাসৰ। কিন্তু জানিব পৰা মতে, ৰাজু ফুলফগৰ মালিকিস্বত্বৰ আৰ বি এণ্টাৰপ্ৰাইজ আৰু নুপুৰ সাহাৰ অংশীদাৰী প্ৰতিষ্ঠান মানছা ইণ্ডাষ্ট্ৰিজৰ নাই BIS চাৰ্টিফিকেট। সেয়ে এই দুই বহিৰাগত প্ৰতিষ্ঠানৰ চাৰ্টিফিকেট ওলোৱালৈ বাট চাই ৰৈছে ৰাহুল দাসে।

কেৱল কমিছনৰ অংকৰ বাবেই কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰয়োজনীয় পুঁজি জমা থকাৰ পিছতো অসমৰ থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰি বহিৰাগত লোকক খাদ্য যোগানৰ ঠিকা দিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে ৰাহুল দাসৰ বিৰুদ্ধে।

এই বিষয়টোত এতিয়া ৰাজ্য চৰকাৰ বা বিভাগীয় মন্ত্ৰীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষ্যণীয়।

Leave A Reply

Your email address will not be published.