ISHAN NEWS – Always One Step Ahead of Time…

কিয় অধ্যক্ষ পদৰ বাবে আকোৰগোঁজ টিডিপি; জানো আহক ইয়াৰ আঁৰৰ কাহিনী

0 1,078

শুকুৰবাৰে অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আজি নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে এতিয়াও সাংসদসকলৰ মাজত বিতৰণ কৰা হোৱা নাই ৰে’লৱে, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, বিত্ত আদিৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়।

মন্ত্ৰী পদৰ বাবে বিভিন্নজনৰ নাম উচ্ছাৰিত হৈ থকাৰ মাজতে খবৰ আহিছে যে মোদীৰ তৃতীয় কাৰ্যকালক গুৰুত্বপূৰ্ণ সমৰ্থন আগবঢ়োৱা অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টী চমুকৈ টিডিপিয়ে স্বাস্থ্য আৰু কৃষি মন্ত্ৰালয়ৰ লগতে বিচাৰিছে অধ্যক্ষ পদ।

বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অধ্যক্ষ পদৰ বাবে আকোৰগোঁজ টিডিপি। যিকোনো মূল্যৰ বিনিময়ত চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন টিডিপিক লাগিবই অধ্যক্ষ পদ।

তৃতীয়বাৰৰ বাবে মোদীৰ নেতৃত্বত গঠন হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈয়ে টিডিপিয়ে অধ্যক্ষৰ দৰে পদটো নিজৰ হাতত ৰাখিবলৈ উঠি পৰি লাগিছে। টিডিপিয়ে অধ্যক্ষৰ পদ বিচৰা আঁৰত আছে এটা ঐতিহাসিক কাহিনী।

টিডিপিয়ে দাবী কৰা লোকসভাৰ অধ্যক্ষৰ কি ক্ষমতা আছে তাৰ বিষয়ে জানো আহক-

টিডিপিয়ে লোকসভাৰ অধ্যক্ষ পদ বিচৰা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে ১৯৯৯ চনত যেতিয়া অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ ১৩ দিনত পতন হৈছিল, তেতিয়া অধ্যক্ষৰ আসনত আছিল টিডিপিৰ সাংসদ জিএম বালযোগী। এই পদটো তেওঁক বাজপেয়ী চৰকাৰে দিছিল। অধ্যক্ষ হিচাপে জি এম বালযোগীয়ে লোৱা এটা সিদ্ধান্তৰ বাবেই অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে অনাস্থা প্ৰস্তাৱত পৰাস্ত হৈছিল।

নতুন লোকসভা গঠনৰ ঠিক পূৰ্বে অৰ্থাৎ লোকসভাৰ প্ৰথমখন বৈঠকৰ আগেয়েই পুৰণি অধ্যক্ষই পদৰ পৰা পদত্যাগ কৰে। এনে পৰিস্থিতিত সংবিধানৰ ৯৫ (১) অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এজন প্ৰটেম অধ্যক্ষ নিযুক্তি দিয়ে। পৰম্পৰাগতভাৱে সদনলৈ নিৰ্বাচিত হোৱা আটাইতকৈ জ্যেষ্ঠ সদস্যজনক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।

প্ৰটেম অধ্যক্ষই সদনৰ প্ৰথমখন বৈঠক পৰিচালনা কৰে আৰু আন সকলো সদস্যক শপত গ্ৰহণ কৰোৱায়। প্ৰটেম অধ্যক্ষৰ তত্বাৱধানত নিৰ্বাচিত হয় অধ্যক্ষ।

ভাৰতীয় সংবিধানৰ ৯৩ নং দফাত লোকসভাৰ অধ্যক্ষ পদৰ কথা উল্লেখ আছে। লোকসভাৰ সাংসদসকলে তেওঁলোকৰ দুজন সাংসদৰ এজনক অধ্যক্ষ আৰু উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। অধ্যক্ষৰ কাৰ্যকাল তেওঁৰ নিৰ্বাচনৰ তাৰিখৰ পৰা পৰৱৰ্তী প্ৰটেম অধ্যক্ষ নিযুক্তিৰ ঠিক আগলৈকে।

কি কৰে লোকসভাৰ অধ্যক্ষই?

সদনৰ কাম-কাজ তথা বৈঠকসমূহ যাতে সঠিকভাৱে পৰিচালিত হয়, সেয়া নিশ্চিত কৰিব লাগে অধ্যক্ষই। সদনত শৃংখলা বজাই ৰখাটো লোকসভাৰ অধ্যক্ষৰ দায়িত্ব আৰু ইয়াৰ বাবে তেওঁ নিৰ্ধাৰিত নিয়ম অনুসৰিও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ ভিতৰত আছে সদন স্থগিত ৰখা বা সদস্যক নিলম্বন কৰা।

বৈঠকৰ এজেণ্ডা কি, কোনখন বিধেয়ক, কোনে ভোট দিব পাৰে আদি সকলো বিষয়ৰ চূড়ান্ত সিদ্ধান্ত লোকসভাৰ অধ্যক্ষই লয়। বিৰোধী দলৰ নেতাক স্বীকৃতি দিয়াটোও অধ্যক্ষৰ দায়িত্ব। সদনৰ কাম-কাজ চলাৰ সময়ত লোকসভাৰ অধ্যক্ষ পদ কোনো দলৰ সৈতে জড়িত নহয় অৰ্থাত পালন কৰিব লাগে একেবাৰে নিৰপেক্ষ ভুমিকা।

কিয় বিজেপিয়ে অধ্যক্ষ পদ টিডিপিক দিবলৈ কুণ্ঠাবোধ কৰিছে?

লোকসভাৰ অধ্যক্ষৰ বহু ক্ষমতা আছে, সেয়ে বিজেপিয়ে অধ্যক্ষ পদ টিডিপিক দিবলৈ কুণ্ঠাবোধ কৰিছে। দৰাচলতে ১৯৯৯ চনত অটল বিহাৰি বাজপেয়ী চৰকাৰৰ অনাস্থা প্ৰস্তাৱৰ পৰাজয়ৰ ক্ষেত্ৰত টিডিপিৰ অধ্যক্ষই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৯৯ চনৰ ১৭ এপ্ৰিলত বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আহিছিল। সেই সময়ত কোৱা হৈছিল বাজপেয়ী চৰকাৰে সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ সাংসদ গিৰধৰ গামাঙে খেল সলনি কৰি দিয়ে। সাংসদ হৈ থকা সময়তে গিৰধৰ গামাঙে ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত ওড়িশাৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল। মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ এৰা নাছিল সাংসদ পদ। সেয়ে তেওঁ ১৭ এপ্ৰিলত অনাস্থা ভোটৰ বাবে উপস্থিত হৈছিল লোকসভাত।

এনে পৰিস্থিতিত কংগ্ৰেছৰ সাংসদগৰাকীয়ে ভোটাধিকাৰ পাব নে নাপাব সেই সিদ্ধান্ত ল’বলগীয়া হৈছিল লোকসভাৰ অধ্যক্ষই। অধ্যক্ষ জি এম বালযোগীয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি ৰায় দিয়ে যে গিৰধৰ গামাঙে নিজৰ বিবেকৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব পাৰে। প্ৰত্যাশিতভাৱে কংগ্ৰেছৰ গামাঙে বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে ভোট দিলে আৰু এই এটা ভোটেৰে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ পতন ঘটে। তাৰ পিছত চৰকাৰৰ সপক্ষে ২৬৯টা আৰু বিৰোধী ২৭০টা ভোট। সেয়ে বিজেপি দলে অধ্যক্ষ পদৰ বাবে তেওঁলোকৰ দলৰে কোনোবা এজন সাংসদৰ হাতলৈ যোৱাটো বিচাৰিব।

Leave A Reply

Your email address will not be published.