আম আদমী পাৰ্টী অৰ্থাৎ আপে আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে। দলটোৱে অতি সোণকালে মিজোৰামৰ কেইখন আসনত প্রতিদ্বন্দিতা কৰিব সেই কথা ঘোষণা কৰাৰ লগতে অতিসোণকালে প্রাৰ্থীৰ তালিকা প্রকাশ কৰিব।
মিজোৰামৰ লগতে ৰাজস্থান, মধ্যপ্রদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে , আম আদমী পাৰ্টীয়ে ।
আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাজেশ শৰ্মাই কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সভাপতিসকলৰ সৈতে দেওবাৰে এখন বৈঠকত মিলিত হৈছিল অৰবিন্দ কেজৰিৱাল । এইখন বৈঠকতে মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ কথা মনত ৰাখি আপে মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ৰাজেশ শৰ্মাই ।