ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতীয় জনতা যুৱ মৰ্চাত আৰ্য্য বিদ্যাপীঠৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ যোগদান

0 428

গুৱাহাটী মহানগৰীৰ আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গৌৰৱ বৰ্মন, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ প্ৰাক্তন উপদেষ্টা সত্যব্ৰত কলিতা, সাধাৰণ সম্পাদক তৃনয়ন বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দেবাংশুজ্যোতি দাস, মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকুমণি দাস, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা তথা ছাত্ৰ ৰাজনীতিত জড়িত ৰাজ দাস, নুনমাটি ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক বিশাল দত্ত, দিপ্ৰজিৎ গোষাল, দিপাঞ্জন দত্ত, কুশল চুব্বা আদিকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰে।

এই যোগদান কাৰ্য্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা , অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে দলটোৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.