ISHAN NEWS – Always One Step Ahead of Time…

বিৰোধী বিহীন সদন!আজি ৰাজ্যসভাৰো ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন

0 157

আজি অৰ্থাত সোমবাৰে লোকসভাৰ উপৰিও ৰাজ্যসভাৰ ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন কৰা হয়। এই ৪৫ গৰাকী সাংসদৰ ভিতৰত ৩৪ জন সাংসদক শীতকালীন অধিৱেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন কৰা হয় আৰু ১১ জন সাংসদক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন অহালৈকে নিলম্বন কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে, দুয়োখন সদনত বিৰোধী আৰু মিত্ৰজোঁটৰ সদস্যই হুলস্থুল কৰাৰ লগতে সদনক অপমান কৰে । এই সকল লোকে গণতন্ত্ৰৰ মন্দিৰত দেশক লজ্জিত কৰিছে। অধ্যক্ষ ওম বিৰলা আৰু অধ্যক্ষ জগদীপ ধনখেৰক অপমান কৰিছে।

উল্লেখ্য যে, বিৰোধী দলে সংসদৰ নিৰাপত্তাৰ বিষয়টোক লৈ ৰাজ্যসভা আৰু লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যৰ দাবী কৰি আহিছিল।

এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে, মোডী চৰকাৰে গণতন্ত্ৰক আক্ৰমণ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “২০২৩ চনৰ ১৩ ডিচেম্বৰত সংসদত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।” আজি পুনৰ মোডী চৰকাৰে সংসদ আৰু গণতন্ত্ৰক আক্ৰমণ কৰিছে।

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতৰি কাকতক সাক্ষাৎকাৰ দিব পাৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টিভিক সাক্ষাৎকাৰ দিব পাৰে, কিন্তু দেশৰ বিৰোধী আৰু আন দলসমূহে প্ৰতিনিধিত্ব কৰা ভাৰতৰ সংসদত বিজেপিয়ে উওৰ দিয়াৰ  পৰিবৰ্তে  পলায়ন কৰিছে । বিৰোধী বিহীন সংসদত মোডী চৰকাৰে এতিয়া কোনো আলোচনা, বিতৰ্ক বা মতানৈক্য নোহোৱাকৈ বাকী থকা গুৰুত্বপূৰ্ণ বিল কেইখন গৃহীত কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.