ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেটৰ পিছত ৰাজনীতিৰ পথাৰত প্ৰৱেশ ঘটিল আম্বাতি ৰায়ডুৰ

0 199

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৱে ভৰি দিলে ৰাজনীতিৰ পথাৰত। অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল ক্ৰিকেটাৰগৰাকীৰ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে জগন মোহন ৰেড্ডীৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে।

ৱাই এছ আৰ চি পি দলৰ অধ্যক্ষ জগন মোহন ৰেড্ডীৰ উপস্থিতিত দলটোত যোগ দিয়ে ক্ৰিকেটাৰগৰাকীয়ে।

দলটোৱে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ৰাজনীতিত প্ৰৱেশৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

আগন্তুক লোকসভা নিৰ্বাচনত ৰায়ডুক দলে ৰাজ্যখনৰ যিকোনো এটা সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰাৰ সম্ভাৱনা দেখা দিছে।

উল্লেখ্য যে, বুধবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কৈছিল, “মই অতি শীঘ্ৰে জনসাধাৰণৰ সেৱা কৰিবলৈ অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ কৰিম। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে মই জনসাধাৰণৰ মনৰ কথা জানিবলৈ আৰু তেওঁলোকৰ সমস্যা আৰু জিলাৰ সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰিছিলো।”

Leave A Reply

Your email address will not be published.