ISHAN NEWS – Always One Step Ahead of Time…

বহুপ্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ; চুক্তিত কি আছে আৰু ইয়াক লৈ কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে?

0 361

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত আজি আলফাৰে স্বাক্ষৰিত হ’ল বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।

আলফাৰ হৈ চুক্তিত স্বাক্ষৰ কৰে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াই। চৰকাৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আৰু অসমৰ মুখ্য সচিব পৱন বৰঠাকুৰে।

চুক্তি স্বাক্ষৰ হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘আজি মোৰ বাবে এটা আনন্দৰ দিন। ২০১৪ৰ পিছৰে পৰা অসমত স্থায়ী শান্তিৰ বাবে চেষ্টা চলাই থকা হৈছে’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমলৈ শান্তি ঘূৰি অহা বুলি মন্তব্য কৰি তেওঁ কয়, ‘এটা সময়ত হিংসাজৰ্জৰিত পৰিৱেশ আছিল অসমত। এই চুক্তিৰ পিছত আলফাই সম্পূৰ্ণৰূপে অস্ত্ৰ সম্বৰণ কৰিব। আনুষ্ঠানিকভাৱে মূল সুঁতিলৈ উভতি আহিব আলফা’।

ইফালে চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰে বৃহৎ পেকেজ প্ৰদান কৰিব। ভাৰত চৰকাৰে এই পেকেজৰ জৰিয়তে অসমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে অমিত শ্বাহে।  

চুক্তিত থকা সকলো দাড়ি, কমা বাদ নিদিয়াকৈ পূৰণ কৰা হ’ব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। আনহাতে শান্তি চুক্তিৰ বাবে পদক্ষেপ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

আনহাতে এই চুক্তিৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সম্পাদন হোৱা আলফাৰ শান্তি চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে।

তেওঁ কয়, ‘এতিয়ালৈকে হোৱা সকলো চুক্তিৰ ১০০% ৰূপায়ণৰ বাবে পদক্ষেপ লৈছে গৃহ মন্ত্ৰ্যালয়ে। আলফাৰ শান্তি চুক্তিও সম্পূৰ্ণ ৰূপায়ণ হ’ব বুলি আমি আশাবাদী’।

অসমক শান্তি-প্ৰগতি-উন্নয়নৰ দিশত আগবঢ়াই নিয়াই চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কয় যে, শান্তি চুক্তিৰ জৰিয়তে আলফাৰ সকলো যুৱক-যুৱতীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ বাবেও এই চুক্তিত আছে বহুখিনি কথা।

জানিব পৰা মতে, চুক্তি অনুসৰি অসমে লাভ কৰিব ডেৰ লাখ কোটি টকাৰ সাহায্য। অসমৰ আন্তঃগাঁথনিৰ বাবে তাকিব ৬০টা নতুন প্ৰকল্প। কৃষিভূমি সুৰক্ষাৰ বাবেও বিশেষ পদক্ষেপ তাকিব এই চুক্তিত।

আনহাতে ভূমিহীন খিলঞ্জীয়াক সংস্থাপনৰ প্ৰতিশ্ৰুতি, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাত অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও চুক্তিত উল্লেখ আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.