ISHAN NEWS – Always One Step Ahead of Time…

দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ PM মোদীৰ দুখপ্ৰকাশ।মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আহতলৈ ৫০হাজাৰ টকা ঘোষণা

0 217

দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। সামাজিক মাধ্যম Xৰ এটি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও দুৰ্ঘটনাটিত অকালতে বিয়োগ ঘটা মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷ এই দুখৰ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰীয়ে ভুক্তভোগী পৰিয়ালসমূহক গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমযোগে দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাত নিহতসকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে আজি পুৱাই দেৰগাঁৱৰ বালিজানত বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ একেটা অঞ্চলৰে ১২ জনকৈ লোকৰ মৃত্যু হয়। গোলাঘাট আঠখেলীয়া বছা ভৰলুৱাৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ গৈছিল প্ৰায় ৫০ জনীয়া এটা দল। মাৰ্ঘেৰিটাৰ পৰা আহি থকা As01 pc 0648 নম্বৰৰ কয়লাভৰ্তি ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ হয় As 02 Ac 5383 নম্বৰৰ বাছখনৰ। এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দিছে কেইবাজনো লোকে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছে গোলাঘাটৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্তৰ লগতে উচ্চপদস্থ বিষয়াসকল।

Leave A Reply

Your email address will not be published.