ISHAN NEWS – Always One Step Ahead of Time…

মহুৱা মৈত্ৰৰ আবেদনঃ উচ্চতম ন্যায়ালয়ত শুনানি   

0 112

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত লোকসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ দাবী জনায় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।বুধবাৰে উচচতম ন্যায়ালয়ে উৎকোচৰ গোচৰত মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা গোচৰ সন্দৰ্ভত লোকসভা সচিবালয়লৈ জাননী জাৰি কৰিছে।

লোকসভা সচিবালয়ৰ পৰা উত্তৰ বিচাৰিলে আদালতে

উচ্চতম ন্যায়ালয়ে লোকসভা সচিবালয়ৰ পৰা মহুৱা মৈত্ৰৰ আবেদন সন্দৰ্ভত উত্তৰ বিচাৰিছে। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত এই সন্দৰ্ভত পুনৰ শুনানি অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে মহুৱাই লোকসভাৰ সদস্যপদ হেৰুৱাৰ পাছত শীতকালীন অধিৱেশনত প্ৰায় ১৫০ জন বিৰোধী সাংসদকো বহিষ্কাৰ কৰা হয়। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এই বিষয়ত যথেষ্ট হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল সংসদত।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ বিচাৰপীঠে লোকসভা সচিবালয়ক জাননী জাৰি কৰাৰ সময়ত কয় যে, তিনি সপ্তাহৰ ভিতৰত লোকসভা সচিবালয়ে এই সন্দৰ্ভত উত্তৰ দিব লাগিব আৰু তাৰ পাছত আবেদনকাৰীয়ে ইচ্ছা কৰিলে উত্তৰ দাখিল কৰাৰ বিকল্পও থাকিব। ১১ মাৰ্চত  এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হব ।

Leave A Reply

Your email address will not be published.