মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত তিনিটা পৃথক পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে। কামগৰ নগৰত প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হয়।
দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় বিহিৰগাঁৱত, য’ত দুজন লোকৰ মৃত্যু হয়। আনহাতে, তৃতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় পাৰ্দি অঞ্চলত, য’ত এগৰাকী যুৱতীৰ মৃত্যু হয়।
প্ৰথমটো পথ দুৰ্ঘটনাৰ বিৱৰণী অনুসৰি ৪৩ বছৰীয়া দেৱানন্দ উকে নিজৰ ৩৯ বছৰীয়া পত্নী ছোনী উকেৰ সৈতে কামনগৰত উপস্থিত হৈছিল আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ। এটা সংবাদ সংস্থাৰ মতে, ইয়াৰ পৰা তেওঁলোক নিশা বাইকেৰে ঘৰলৈ উভতি আহিছিল। তাৰ পাছত বাটত কামনগৰ অঞ্চলৰ পৰা অলপ দূৰৈত তেওঁৰ বাইকখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে। ইয়াৰ বাবেই দুয়োৰে মৃত্যু হয়।
ইফালে দ্বিতীয়টো পথ দুৰ্ঘটনাটোও গভীৰ নিশাই সংঘটিত হৈছে। ৩৪ বছৰীয়া ৰাহুল সন্তোষ ৰাউত আৰু ৪২ বছৰীয়া লক্ষ্মণ দাদাজী ধিংগ্ৰে এখন মিনি ট্ৰাকত ক’ৰবালৈ গৈ আছিল। তাৰ পিছতে বিহিৰগাঁও অঞ্চলত তীব্ৰবেগী ট্ৰাকে তেওঁলোকৰ মিনি ট্ৰাকখনক জোৰেৰে খুন্দা মৰাত দুয়োজন লোকৰ মৃত্যু হয়।
তৃতীয়টো পথ দুৰ্ঘটনাত মৃত্যু হোৱা ২০ বছৰীয়া আকাংক্ষা পাটিলে মটৰ চাইকেলেৰে ক’ৰবালৈ গৈ আছিল। তেনেতে পাৰদি অঞ্চলত মটৰ চাইকেলখন ভাৰসাম্য হেৰুওৱাত আকাংক্ষাই বাইকৰ পৰা বাগৰি পৰে আৰু সন্মুখৰ পৰা আহি থকা এখন তীব্ৰবেগী মিনি ট্ৰাকৰ খুন্দাত আকাংক্ষাৰ মৃত্যু হয়।
তিনিওটা দুৰ্ঘটনাৰ গোচৰতে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।