পঞ্জাৱৰ হোছিয়াৰপুৰৰ দছুহাৰ উঞ্চি বচ্ছি গাঁৱৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়।
ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ পিছত চাৰিচকীয়া বাহনখন জ্বলি উঠে আৰু গাড়ীখনৰ দুৱাৰ খুলিব নোৱাৰাৰ বাবেই গাড়ীখনত থকা চাৰিওজন লোক অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়।
এই কৰুণ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলত আৰক্ষী প্ৰশাসন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰা হয়।
ইফালে ট্ৰাকখনৰ ভিতৰতে আবদ্ধ হৈ থকা ট্ৰাক চালকজনক বহু সময়ৰ মূৰত উদ্ধাৰ কৰি দছুহাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ইফালে মৃত্যু হোৱা লোকসকলক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই যদিও দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ প্লেট জলন্ধৰৰ হোৱাৰ বাবে তেওঁলোক জলন্ধৰৰ বাসিন্দা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।