ISHAN NEWS – Always One Step Ahead of Time…

RSS নেতাৰ হত্যাকাণ্ডৰ গোচৰত PFI-ৰ ১৫ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি

0 669

এগৰাকী আৰ এছ এছৰ নেতাক হত্যা কৰাৰ অপৰাধত নিষিদ্ধ ঘোষিত সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পি এফ আই)ৰ ১৫ জন সদস্যক কেৰালাৰ এখন স্থানীয় আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসৰ হত্যাকাণ্ডত পি এফ আইৰ এই কেইগৰাকী সদস্য জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পিছতে আদালতে এই কঠোৰ শাস্তি প্ৰদান কৰে।

২০২১ চনৰ ১৯ ​​ডিচেম্বৰত আলাপ্পুজাস্থিত নিজ গৃহত হত্যা কৰা হৈছিল ৰঞ্জিতক। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা আটাই কেইগৰাকী লোক আছিল নিষিদ্ধ ঘোষিত সংগঠন পি এফ আইৰ সদস্য।

উল্লেখ্য যে, বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা আৰ এছ এছ নেতা ৰঞ্জিতক ২০২১ চনৰ ১৯ ​​ডিচেম্বৰত তেওঁৰ ঘৰত পত্নী আৰু মাতৃৰ সন্মুখত নৃশংসভাৱে হত্যা কৰা হৈছিল।

এই ঘটনাৰ পিছতে গ্ৰেপ্তাৰ হোৱা দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি দিবলৈ আদালতক দাবী জনাইছিল ভুক্তভোগী পক্ষই।

২০ জানুৱাৰীত কেৰালাৰ মাভেলিকাৰাৰ অতিৰিক্ত সত্ৰ আদালতে ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।
ইয়াৰ পিছত চৰকাৰৰ অধিবক্তাই দোষীক সৰ্বোচ্চ শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনায়। তেওঁৰ মতে এই ১৫ জন লোক আচলতে পেছাদাৰী হত্যাকাৰী। পৰিয়ালৰ সন্মুখত ৰঞ্জিতক যিদৰে হত্যা কৰা হৈছিল, সেয়া আটাইতকৈ বিৰল অপৰাধৰ ভিতৰত পৰে।

ইয়াৰ পিছতে মঙলবাৰে কেৰালাৰ আদালতে অপৰাধীকেইজনক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। 

Leave A Reply

Your email address will not be published.