ISHAN NEWS – Always One Step Ahead of Time…

ডাঙৰ-ডাঙৰ ব্যৱসায়ী নহয়, এই ১০টা কোম্পানীয়ে ক্ৰয় কৰিছিল সৰ্বাধিক নিৰ্বাচনী বণ্ড

0 211

ইচিআই অৰ্থাৎ ভাৰতীয় নিৰ্বাচন আয়োগে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে নিৰ্বাচনী বণ্ডৰ তথ্য। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে স্পষ্ট হৈ পৰিছে কোনে কিমান নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

লক্ষ্যণীয় দিশটো হ’ল যে এই তালিকাত বণ্ডৰ আটাইতকৈ ডাঙৰ ক্ৰেতা দেশৰ বিখ্যাত কোম্পানী বা ব্যৱসায়ী নহয়।

ইয়াৰ উপৰি ব্যক্তিগত পৰ্যায়তো বহু বণ্ড ক্ৰয় কৰা হৈছে। ইয়াৰ জৰিয়তে অনুদান লাভ কৰা দলসমূহৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বহু দল আছে।

এই তালিকাৰ শীৰ্ষত আছে পূৰ্বতে মাৰ্চিন লটাৰী এজেন্সিজ লিমিটেড নামেৰে পৰিচিত ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেজ। ইয়াৰ বিৰুদ্ধে ২০২২ চনত ইডিয়ে তদন্তও চলাইছিল। দুটা বেলেগ বেলেগ কোম্পানীৰ জৰিয়তে ১৩৫০ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

তালিকাৰ দ্বিতীয় স্থানত আছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড। এই কোম্পানীটোৱে ৯৬৬ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। তৃতীয় স্থানত থকা কুইক ছাপ্লাই চেইন প্ৰাইভেট লিমিটেডে ৪১০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল।

৪০০ কোটি টকাৰ বণ্ড ক্ৰয় কৰা বেদান্তা লিমিটেড চতুৰ্থ স্থানত আছে। আনহাতে পঞ্চম স্থানত আছে হালদিয়া এনাৰ্জি লিমিটেড। কোম্পানীটোৱে ৩৭৭ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল।

বণ্ড ক্ৰয় কৰা শীৰ্ষ ১০ৰ তালিকা

১- ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেজ- ১৩৫০ কোটি টকা

২- মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড – ৯৬৬ কোটি টকা

৩- কুইক চাপ্লাই চেইন- ৪১০ কোটি টকা

৪- বেদান্তা লিমিটেড- ৪০০ কোটি টকা

৫- হালদিয়া এনাৰ্জি লিমিটেড – ৩৭৭ কোটি টকা

৬- ভাৰতীয় গোট- ২৪৭ কোটি টকা

৭- এচেল মাইনিং এণ্ড ইণ্ডাষ্ট্ৰীজ- ২২৪ কোটি টকা

৮- ৱেষ্টাৰ্ণ ইউ পি পাৱাৰ ট্ৰেন্সমিছন কোম্পানী লিমিটেড – ২২০ কোটি টকা

৯- কেভেণ্টাৰ ফুডপাৰ্ক ইনফ্ৰা লিমিটেড – ১৯৫ কোটি টকা

১০- মদনলাল লিমিটেড- ১৮৫ কোটি টকা

ব্যক্তিগতভাৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে দান দিয়াৰ ভিতৰত আছে লক্ষ্মী নিবাস মিট্টল, কিৰণ মজুমদাৰ শ্ব, বৰুণ গুপ্তা, বি কে গোয়েংকা, জৈনেন্দ্ৰ শ্বাহ আৰু মোনিকাৰ দৰে বহু ব্যক্তি।

নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান লাভ কৰাসকলৰ ভিতৰত আছে বিজেপি, কংগ্ৰেছ, এআইএডিএমকে, বিআৰএছ, শিৱসেনা, টিডিপি, ৱাইএছআৰ কংগ্ৰেছ, ডিএমকে, জেডি-এছ, এনচিপি, তৃণমূল কংগ্ৰেছ, জেডিইউ, আপ, আৰজেডি, সমাজবাদী পাৰ্টি, জম্মু-কাশ্মীৰ মেশ্যনেল কনফাৰেন্স, বিজেডি, গোৱা ফৰৱাৰ্ড পাৰ্টিৰ লগতে আন বহু দল।

Leave A Reply

Your email address will not be published.