ISHAN NEWS – Always One Step Ahead of Time…

জেলৰ পৰাই চৰকাৰ চলাব অৰবিন্দ কেজৰিৱালে… কিন্তু কেনেকৈ

0 436

সুৰা নীতি কেলেংকাৰী গোচৰত কালি নিশা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ED-এ। ইয়াৰ লগে লগে স্বাধীন ভাৰতৰ ইতিহাসত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অৰবিন্দ কেজৰিৱাল। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাত বিপদত পৰিছে আপ।

প্ৰশ্ন উত্থাপিত হৈছে গ্ৰেপ্তাৰৰ পাছতেই পদত্যাগ কৰিব নেকি অৰবিন্দ কেজৰিৱালে নে অন্যৰ হাতত তুলি দিব দিল্লী শাসনৰ বাঘজৰী? কেনেকৈ চলিব দিল্লীৰ চৰকাৰ? অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতো কেজৰিৱাল মুখ্যমন্ত্ৰী পদত অব্যাহত থাকিব বুলি উল্লেখ কৰিছে আপে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু আতিশী মাৰ্লেনাই কয় যে কেজৰিৱালে কাৰাগাৰৰ পৰাই চৰকাৰ চলাব। কাৰাগাৰৰ পৰাই অৰবিন্দ কেজৰিৱালে চৰকাৰী কাম-কাজ সম্পন্ন কৰিব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে। বিজেপিয়ে বিচাৰে যে সকলো বিৰোধী নেতা কাৰাগাৰত থাকক আৰু বিনামূলীয়া শিক্ষা, বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া তীৰ্থযাত্ৰা আৰু দিল্লীৰ মহল্লা ক্লিনিক বন্ধ হওঁক কিন্তু অৰবিন্দ কেজৰিৱালে এনে হ’বলৈ নিদিয়ে বুলি তেওঁলোকে প্ৰকাশ কৰে। দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলেও অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে। অধ্যক্ষজনে কয় যে যদি বিচাৰে আমাকো গ্ৰেপ্তাৰ কৰক, কিন্তু দিল্লীত কেজৰিৱালৰ চৰকাৰে অব্যাহত থাকিব।

উল্লেখ্য যে কেজৰিৱালৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আম আদমী পাৰ্টীয়ে যোৱা বছৰ ডিচেম্বৰত দিল্লীত ‘ময়ো কেজৰিৱাল’ শীৰ্ষক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ জৰিয়তে লোকসকলক সোধা হৈছিল যে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে নে কাৰাগাৰৰ পৰা চৰকাৰ চলাব লাগে। আপৰ মতে, ৯০ শতাংশ লোকে কাৰাগাৰৰ পৰাই কেজৰিৱালে চৰকাৰ চলাব লাগে বুলি মত প্ৰকাশ কৰিছে। আপে কয় যে কাৰাগাৰতেই থাকক বা দেশৰ যিকোনো ঠাইতে থাকক, অৰবিন্দ কেজৰিৱাল মুৰব্বী আৰু কেজৰিৱালেই মুখ্যমন্ত্ৰী একেই থাকিব। প্ৰয়োজন হ’লে, আম আদমী পাৰ্টীয়ে আদালতৰ কাষ চাপিব আৰু কাৰাগাৰত বৈঠকৰ লগতে ফাইলবোৰ লৈ যাবলৈ অনুমতি বিচাৰিব।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই সৰ্বোচ্ছ ন্যায়ালয়ৰ কাষ চাপিছে দলটোৱে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কি ৰায় দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব দিল্লীৰ ভৱিষ্যত্।

Leave A Reply

Your email address will not be published.