ISHAN NEWS – Always One Step Ahead of Time…

৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা কে চন্দ্ৰশেখৰ ৰাওক

0 129

ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ কে চন্দ্ৰশেখৰ ৰাওক কংগ্ৰেছৰ বিৰুদ্ধে দিয়া “আপত্তিজনক” মন্তব্যৰ বাবে বুধবাৰে নিৰ্বাচন আয়োগে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰকাৰ্য চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰে।

৫ এপ্ৰিলত ছিৰচিলাত অনুষ্ঠিত সংবাদমেলত ৰাওৰ মন্তব্য আদৰ্শ আচৰণ বিধি আৰু ইয়াৰ পৰামৰ্শৰ বিধান উলংঘা কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।

বুধবাৰে নিশা ৮ বজাৰ পৰা ৪৮ ঘণ্টীয়া নিষেধাজ্ঞা কাৰ্যকৰী হ’ব। কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাৰ পিছত লোকসভা নিৰ্বাচনত ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা দ্বিতীয়জন নেতা ৰাও।

নিৰ্বাচন আয়োগে “তেওঁৰ বিতৰ্কিত বক্তব্যক তীব্ৰ গৰিহণা দিয়ে” আৰু ৪৮ ঘণ্টাৰ বাবে কোনো নিৰ্বাচন সম্বন্ধীয় ৰাজহুৱা সভা, সমদল, ৰেলি, ৰোড শ্ব’  কৰিব নোৱাৰিব। আনকি সংবাদ মাধ্যমত নিৰ্বাচনৰে জড়িত কোনো বক্তব্যও ৰাখিব নোৱাৰিব। সংবিধানৰ ৩২৪ অনুচ্ছেদে আয়োগক প্ৰদান কৰা ক্ষমতাৰ যোগেদি দিয়া হৈছে এই নিৰ্দেশ।  

Leave A Reply

Your email address will not be published.